বিশ্ব টেনিছৰ ইতিহাসত যিসকল তাৰকাৰ নাম সোণালী আখৰেৰে লিখা হৈছে সেইসকলৰ ভিতৰত অন্যতম হৈছে ছেৰেনা উইলিয়ামছ ৷ এটাৰ পাছত আন এটা গ্লেণ্ডশ্লাম দখেলেৰে এইগৰাকী প্ৰথিতযশা টেনিছ তাৰকাই ৰচিছে কেইবাটাও অভিলেখ ৷ ৪০ বছৰীয়া কিংবদন্তি টেনিছ তাৰকা গৰাকী অৱসৰৰ দিশে আগবাঢ়িছে ৷ শুকুৰবাৰে তেওঁ ইউ এছ অ’পেনত কেৰিয়াৰৰ অন্তিমখন মেচত আজলা টমলজানোভিচৰ হাতত পৰাজয়।কন্যা অলিম্পিয়াৰ লগতে পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব বুলি উল্লেখ কৰি অৱসৰৰ পূর্বে ছেৰেনাই কয় যে তেওঁ এগৰাকী ভাল মাক হ’বলৈ সাজু হৈছে ৷আহকচোন জানো এইগৰাকী কিংবদন্তী টেনিছ তাৰকাৰ জীৱনৰ কিছু কথা ৷
মুলতঃ শ্বেতাংগ লোকসকলে আধিপত্য বিস্তাৰ কৰি অহা টেনিছত ছেৰেনা উইলিয়ামচ ব্যতিক্ৰম ৷ কৃষ্ণাংগ ছেৰেনা টেনিছৰ ক্ষেত্ৰখনত এগৰাকী আফ্ৰিকান-আমেৰিকান আইকন হৈ পৰিছিল ৷ তেওঁৰ ভগ্নী ভেনাছ উইলিয়ামছো এগৰাকী বিশ্ববিশ্ৰুত টেনিছ তাৰকা ৷
ছেৰেনা উইলিয়ামছে ১৯৯৯ চনত ১৭ বছৰ বয়সত ইউ এছ অ’পেন জয় কৰি নিজৰ উচ্চাকাংক্ষা স্পষ্ট কৰি দিছিল।ইয়াৰ লগে লগে আৰম্ভণি হৈছিল দুটা দশকৰো অধিক সময় ধৰি চলি অহা ৰাজত্বৰ। এই সময়ছোৱাত উইলিয়ামছে ২৩টা একক গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে ৷ ইয়াৰে ১০টা খিতাপ ৩০ বছৰ বয়সৰ পিছত দখল কৰি তেওঁ মুক্ত যুগৰ আটাইতকৈ সফল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২০১৭ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত তেওঁৰ শেষৰটো খিতাপ লাভ কৰিছিল যেতিয়া তেওঁ আঠ সপ্তাহৰ গৰ্ভৱতী আছিল । ৩১৯ সপ্তাহ ধৰি বিশ্বৰ ১ নং স্থানত থকা তাৰকা গৰাকীয়ে ৭৩টা ট্যু’ৰ খিতাপ, ভেনাছৰ সৈতে ১৪টা গ্ৰেণ্ড শ্লেম ডাবলছ খিতাপ, দুটা মিক্সড ডাবলছ খিতাপ আৰু চাৰিটা অলিম্পিক সোণৰ পদক লাভ কৰিছে। তেওঁ দুবাৰকৈ ‘ছেৰেনা শ্লেম’ দখল কৰিছে ৷
২০১৭ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ কন্যা সন্তান জন্ম দিয়ে ৷ পালমোনাৰী এম্ব’লিজমৰ পিছত ছয় সপ্তাহ বিচনাত কটায় যদিও পাঁচ মাহৰ পিছত ভেনাছৰ সৈতে ফেডাৰেচন কাপ ডাবলছত প্ৰতিযোগিতালৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছিল ৷
২০১৫ চনত কেলেণ্ডাৰ বৰ্ষৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰাৰ সুযোগ পাইছিল যদিও ইউ এছ অ’পেনৰ ছেমি ফাইনেলত ইটালীৰ ৰবাৰ্টা ভিঞ্চিয়ে তেওঁক পৰাজিত কৰিছিল।
উইলিয়ামছে নিজৰ কেৰিয়াৰ সন্দর্ভত কয়-“ মই কেতিয়াও সংখ্যাৰ ওপৰত গুৰুত্ব দিব নিবিচাৰো। মই টেনিছ খেলিবলৈ আৰম্ভ কৰিছিলো শ্ৰেষ্ঠ হ’বলৈ নহয ৷ কেৱল মোৰ এটা সপোন থকাৰ বাবেহে খেলিবলৈ লৈছিলো । এতিয়া অনুৰাগী সকলে কৈছে যে মই শ্ৰেষ্ঠ হ’ব পাৰিম ৷ কিন্তু মই এতিয়াও মোক সেই শাৰীত ৰখা নাই ৷ ক্ৰিছ এভাৰ্ট আৰু মাৰ্টিনা নাভ্ৰাটিলোভা আৰু ষ্টেফি গ্ৰাফ মোৰ বাবে মহিলা টেনিছৰ ইতিহাসৰ আদর্শ ৷”
২০২০ চনৰ জানুৱাৰী মাহত অকলেণ্ড অ’পেনত কেৰিয়াৰৰ ৭৩সংখ্যক ডব্লিউ টি এ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ যিটো মাতৃ হিচাপে তেওঁৰ একমাত্ৰ মুকুট।