পুৰণি ফৰ্মেটলৈ ঘূৰি আহিছে আই পি এল। অৰ্থাৎ দেশৰ মাটিত অনুষ্ঠিত হ’ব আইপিএল ৷ মেচসমূহত দেখা গৈছে চিয়াৰলিডাৰ ৷ প্ৰতিখন মেচতে ছয়-চাৰি কোবোৱাৰ পিছত চিয়াৰলিডাৰসকলে নাচি থকা দেখা যায়। সৌৰভ গাংগুলী বি চি চি আইৰ সভাপতি হোৱাৰ পিছৰে পৰা বন্ধ হৈ আছিল চিয়াৰলিডাৰৰ অংশগ্ৰহণ । আকৌ এইবাৰৰ পৰা চিয়াৰলিডাৰ দেখা গৈছে আইপিএলত ৷
বহুতে প্ৰশ্ন কৰে, এই চিয়াৰলিডাৰসকলক কেনেকৈ নিযুক্তি দিয়া হয়? ক’ৰ পৰা আহিল? এই সন্দৰ্ভত কোনো বিশেষ তথ্য দিয়া নাই ব’ৰ্ড বা আই পি এলে। বিভিন্ন সূত্ৰৰ মতে, চিয়াৰলিডাৰ যোগান ধৰা বহু কোম্পানী আছে। যদি কোনো আই পি এল দলে নিজৰ দলৰ বাবে চিয়াৰলিডাৰ নিযুক্তি দিব বিচাৰে তেন্তে তেওঁলোকে এনে সংস্থাৰ সৈতে যোগাযোগ কৰে। সেইবোৰ কোম্পানীয়েই ফ্ৰেঞ্চাইজিয়ে দাবী কৰা চিয়াৰলিডাৰসকলক যোগান ধৰে।
বলীউডৰ বিভিন্ন ছবিত বিদেশী মহিলাই আইটেম ডান্স কৰি বা বিভিন্ন গীতত নৃত্য কৰি বেকগ্ৰাউণ্ডত নাচি থকা দেখা যায়। সেই নৃত্যবোৰত বিদেশী নৃত্যশিল্পী যোগান ধৰিবলৈও বিভিন্ন সংগঠন আছে। বিভিন্ন সূত্ৰৰ মতে, আই পি এলৰ সময়ত এনে একাংশ সংস্থাই দলসমূহক চিয়াৰলিডাৰৰ ব্যৱস্থাও কৰে।
বেছিভাগ ক্ষেত্ৰতে কোনটো পক্ষৰ কোন কোম্পানীৰ লগত চুক্তি আছে সেয়া ৰাজহুৱা কৰা নহয়। কিন্তু যদি কোনোবাই চিয়াৰলিডাৰ প্ৰদান কৰা কোম্পানীটোৰ নাম জানে তেন্তে তেওঁলোকৰ কৰ্মচাৰীৰ বিষয়ে জানিবলৈ ইণ্টাৰনেটত বিচাৰিব পাৰে।
বেছিভাগ চিয়াৰলিডাৰেই ইউক্ৰেইন, ৰাছিয়া, নৰৱে, আমেৰিকাৰ দৰে দেশৰ পৰা আহে। বিগত সময়ত চিয়াৰলিডাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। কম দৰমহা, বেয়া অফাৰ, যৌন মন্তব্য আদিৰ অভিযোগ লাভ কৰিছে। অৱশ্যে বিতৰ্ক অতিক্ৰম কৰি উভতি আহিছে চিয়াৰলিডাৰসকল।