পুনৰ বিতর্কৰ আৱর্তত সোমাই পৰিছে বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছান ৷ এইবাৰ অনুৰাএেক প্ৰহাৰ কৰি বিতর্কৰ সৃষ্টি কৰিছে ছাকিবে ৷ ঘটনাৰ বিবৰণী অনুসৰি ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ খেলি এটা অনুষ্ঠানলৈ গৈছিল ছাকিব। বাংলাদেশী অল ৰাউণ্ডাৰগৰাকীয়ে তাত অনুৰাগীয়ে ঘেৰি ধৰাত ক্ৰোধান্বিত হৈ পৰে ৷ তাত উপস্থিত হোৱাৰ পিছত বিশৃংখলতাৰ সৃষ্টি হ’ল। বহু অনুৰাগীয়ে ঘেৰি ধৰে ছাকিবক। বহুতে তেওৰ অটোগ্ৰাফ বিচাৰি আমনি কৰে ৷ বহু লোকে বাংলাদেশৰ অধিনায়কক স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল। অনুৰাগীৰ ব্যৱহাৰত আতিষ্ঠ হৈ পৰে চাকিব ৷ নিৰাপত্তাৰক্ষীয়ে তেওঁক আৱৰি ৰাখে যদিও এটা সময়ত তেওঁ কাজিয়াত লিপ্ত হয় ৷ ক্ষুব্ধ ছাকিবে টুপী খুলি অনুৰাগীক প্ৰহাৰ কৰে ৷ আন্তঃৰাষ্ট্ৰীয় চিৰিজৰ মাজতে বিভিন্ন প্ৰচাৰমূলক অনুষ্ঠানত ছাকিবৰ অংশগ্ৰহণক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে। সেইক লৈ আন এক বিতৰ্কৰ সৃষ্টি হৈছে ।
কিন্তু এয়াই প্ৰথম নহয়, বাৰে বাৰে বিতৰ্কত সোমাই আহিছে ছাকিব। যোৱা বাংলাদেশ প্ৰিমিয়াৰ লীগত বল ৱাইড নিদিয়াৰ বাবে লেগ আম্পায়াৰৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। ২০২১ চনত বাংলাদেশ প্ৰিমিয়াৰ লীগত আম্পায়াৰৰ সিদ্ধান্তত ক্ষুব্ধ হৈ ছাকিবে ষ্টাম্পত কিক মাৰিছিল।
শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ছাকিবে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছিল। তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬০০০ ৰান আৰু ৩০০ উইকেট সম্পূৰ্ণ কৰা বিশ্বৰ তৃতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। এতিয়ালৈকে এই কৃতিত্ব কেৱল সনাথ জয়সূৰিয়া আৰু শ্বাহিদ আফ্ৰিদীয়েহে লাভ কৰিছে। বাংলাদেশে ছাকিবৰ নেতৃত্বত প্ৰথমখন টি-২০ মেচত বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰে। দেওবাৰে বাংলাদেশ-ইংলেণ্ডৰ দ্বিতীয়খন টি-২০ মেচ। এই মেচখনত জয়ী হ’লে তিনিখন খেলৰ শৃংখলাত বাংলাদেশে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিব।