বিশ্বৰ সৰ্বশ্ৰেষ্ঠ লেগ-স্পীনাৰ সকলৰ ভিতৰত অন্যতম অষ্ট্ৰেলিয়ান ক্ৰিকেট তাৰকা চেন ৱাৰ্ন ৷ কিন্তু শুক্ৰবাৰে খেলুৱৈ গৰাকীৰ আকস্মিক বিয়োগত স্তব্ধ হৈ পৰিছে ক্ৰিকেট বিশ্বৰ লগতে ক্ৰিকেটৰ অনুৰাগী সকল ৷
অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ প্ৰাক্তন লেগ স্পীনাৰ গৰাকী অৱসৰ বিনোদনৰ বাবে বন্ধুবৰ্গৰ স’তে থাইলেণ্ডলৈ ফুৰিবলৈগৈছিল কিন্তু তাতেই হৃদক্ৰিয়া বন্ধ হৈ তেওঁ অকস্মাৎ মৃত্যুক আকোঁৱালি লয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২বছৰ ৷
সংবাদ মাধ্যমযোগে প্ৰকাশ হোৱা এই বাতৰিটোৱে হতবাক কৰিছে সমগ্ৰ বিশ্ববাসীক ৷ কেৱল অষ্ট্ৰেলিয়ানসকলেই নহয়, সমগ্ৰ বিশ্বৰ অনুৰাগীসকলে কিংবদন্তিজনৰ মৃত্যুত প্ৰকাশ কৰিছে গভীৰ শোক।
ইংলেণ্ডৰ ‘ডেইলী ষ্টাৰ’ নামৰ সংবাদ মাধ্যমত অষ্ট্ৰেলিয়াৰ লেগ স্পীনাৰ গৰাকীৰ এখন ছবি প্ৰকাশ কৰিছিল যাৰ শিৰোনাম আছিল: “দ্য গ্ৰেটেস্ট”, “ক্ৰিকেটৰ কিংবদন্তী আৰু সৰ্বাংগীন শীৰ্ষ স্থানৰ লোকজনৰ ৫২ বছৰ বয়সত মৃত্যু ।”
‘গাৰ্ডিয়ানে’ ৱাৰ্ণক ইয়াৰ ক্ৰীড়া পৃষ্ঠাৰ শীৰ্ষত স্থান দিছিল আৰু খেলুৱৈ গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই লিখিছিল এইদৰে ,”ক্ৰীড়াই সৰ্বকালৰ এজন মহান ক্ৰিকেটাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।”
‘ষ্টাৰ’ নামৰ সংবাদ মাধ্যমে ৱাৰ্ণক “এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ” বুলি উল্লেখ কৰি কৈছিল যে তেওঁৰ আচৰিত মৃত্যুয়ে ক্ৰীড়া জগতক স্তম্ভিত কৰি তুলিছে।
আনহাতে, ‘ডেইলী এক্সপ্ৰেছে’ও ৱাৰ্ণক “সৰ্বশ্ৰেষ্ঠ” বুলি অভিহিত কৰিছে আৰু “৫২ বছৰ বয়সৰ অষ্ট্ৰেলিয়ান স্পীন মাষ্টাৰ গৰাকীৰ আকস্মিক মৃত্যুত ক্ৰিকেট জগত স্তম্ভিত হৈ পৰিছে”বুলি শিৰোনাম দি শ্ৰদ্ধা জ্ঞাপন কৰিছে ৷
বেছিভাগ আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতৰ দৰে, স্পীন যাদুকৰজনে ‘য়ৰ্কশায়াৰ পোষ্ট’ আৰু ‘দ্য টাইমছ’ৰো প্ৰথম পৃষ্ঠা দখল কৰিছিল।আনহাতে ‘মিৰ’ৰ’ৰ ক্ৰীড়া শাখাত ৱাৰ্ণে তেওঁৰ টুপীটো হাতত লৈ প’জ দিয়াৰ এখন আকৰ্ষণীয় ছবি প্ৰকাশ কৰি শিৰোনাম দিছিল এইদৰে : “এইবাৰ আপুনি আমাক ব’ল্ড কৰিলে, ৱাৰ্নি।””ক্ৰীড়া জগতখনে এনে এক প্ৰতিভাক হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে।”
১৯৯২ চনত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা ৱাৰ্ণে অষ্ট্ৰেলিয়াৰ হৈ ১৪৫ খন টেষ্ট খেলি লেগ স্পীনৰ দ্বাৰা ৭০৮ টা উইকেট দখল কৰে। তেওঁৰ ১৯৪ খন এদিনীয়া খেলত, ৱাৰ্ণে ২৯৩টা স্কেল্প স্নাৰ কৰিছিল।আইকনিক চিডনী ক্ৰিকেট গ্ৰাউণ্ডত ভাৰতৰ বিৰুদ্ধে টেষ্ট অভিষেক কৰা ৱাৰ্ণক ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ১৫ বছৰীয়া কেৰিয়াৰত তেওঁৰ অতুলনীয় সাফল্যৰ বাবে ৱিজডেনৰ ‘ফাইভ ক্ৰিকেটাৰ অফ দ্য চেঞ্চুৰী’ৰ এজন হিচাপে মনোনীত কৰা হৈছিল।