নেপালক পৰাস্ত কৰি বাংলাদেশে টি-২০ বিশ্বকাপৰ ছুপাৰ এইটত প্ৰৱেশ কৰে। প্ৰথমে বেটিং কৰি বাংলাদেশে ১০৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যত্তুৰত নেপালৰ ইনিংছ ৮৫ ৰানেৰে সমাপ্ত হয়। আনহাতে, ৰেগুলেচন মেচত শ্ৰীলংকাই নেদাৰলেণ্ডক ৮৩ ৰানত পৰাস্ত কৰে।
গ্ৰুপ ডিৰ দ্বিতীয় দল হিচাপে অন্তিম আঠত আছে বাংলাদেশ। নেপালৰ অধিনায়ক ৰোহিত পৌডেলে টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বাংলাদেশৰ হৈ ছাকিব আল হাছানৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১৭। মাহমুদুল্লা (১৩), ৰিছাদ হোছেইনে ১৩), টাস্কিন আহমেদ (১২ নট আউট) আৰু লিটন দাসে ১০ ৰান সংগ্ৰহ কৰে। ১৯.৩ অভাৰত সমাপ্ত হয় বাংলাদেশৰ ইনিংছ।
বাংলাদেশে ৭৫ ৰানত ৮ উইকেট হেৰুৱাইছে। শেষত ঋষদ আৰু টাস্কিনৰ বৰঙনিৰে ১০০ ৰানৰ সীমা অতিক্ৰম কৰে। নেপালৰ বিৰুদ্ধে এনে বেটিং দুৰ্যোগে ছুপাৰ এইটৰ পূৰ্বে বাংলাদেশক চিন্তিত কৰি ৰাখিব।
নেপালৰ সোমপাল কামিয়ে ১০ ৰানত ২ উইকেট দখল কৰে। সন্দীপ লমিশানে ১৭ ৰানত ২ উইকেট দখল কৰে । অধিনায়ক ৰোহিতে ২০ ৰানত ২ উইকেট দখল কৰে। দীপেন্দ্ৰ সিং আৰিয়ে ২২ ৰানত ২ উইকেট। বাংলাদেশৰ সফল বলাৰৰ ভিতৰত তানজিম হাছান ছাকিবে ৭ ৰানত ৪ উইকেট দখল কৰে। মুস্তাফিজুৰ ৰহিমে ৭ ৰানত ৩ উইকেট আৰু ৯ ৰানত ছাকিবে ২ উইকেট দাখিল কৰে ।
গ্ৰুপ ডিৰ ৰেগুলেচন মেচত শ্ৰীলংকাই নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিছিল। সেই মেচখনত প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৬ উইকেটত ২০১ ৰান সংগ্ৰহ কৰে। নেদাৰলেণ্ডৰ ইনিংছ ১৬.৪ অভাৰত সমাপ্ত হয়।