দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত দুয়োটা আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে ।তেওঁৰ অস্ত্ৰোপচাৰৰ পিছতে চিকিৎসালয়ৰ বিচনাৰ পৰাই সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰিছে খেলুৱৈগৰাকীয়ে । ভিডিঅ’টোত প্ৰাক্তন ক্ৰিকেটাৰজনে তেওঁৰ আশু আৰোগ্য কামনা কৰি অনুৰাগীসকলক প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে। ভিডিঅ’টোত তেওঁ লগতে কয় যে তেওঁ যথেষ্ট কষ্টত আছে আৰু সোনকালেই আৰোগ্য হোৱাৰ বাবে তেওঁক অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ আশীৰ্বাদৰ প্ৰয়োজন।
আনহাতে অস্ত্ৰোপচাৰৰ আগতে তেওঁ এটা ভিডিঅ’ পোষ্ট কৰি কৈছিল যে তেওঁ তেওঁৰ ষষ্ঠ অস্ত্ৰোপচাৰ কৰিবলৈ গৈ আছে আৰু আশা কৰিছে যে এইটো তেওঁৰ অন্তিম অস্ত্ৰোপচাৰ হ’ব। তেওঁ লগতে কয় যে অস্ত্ৰোপচাৰৰ পিছত বহু সপ্তাহ ধৰি কিছু কষ্টত থাকিব আৰু সেয়েহে তেওঁৰ অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে।
লগতে আখটাৰে প্ৰকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁ যোৱা ১১বছৰ ধৰি এই কষ্টত ভুগি আছে।
Alhamdolillah, surgery went well. It will take some time to recover. Need your prayers.
A special thanks to @13kamilkhan as well, he's a true friend who is looking after me here in Melbourne. pic.twitter.com/jCuXV7Qqxv— Shoaib Akhtar (@shoaib100mph) August 6, 2022