ভাৰতীয় দলৰ নতুন প্ৰশিক্ষক গৌতম গম্ভীৰৰ কাম আৰম্ভ হৈছে। তেওঁ বেটিং, বলিং আৰু ফিল্ডিং প্ৰশিক্ষক বাছি ল’ব পাৰিব । কিন্তু ফিল্ডিং প্ৰশিক্ষক হিচাপে গম্ভীৰৰ পচন্দৰ নাম নাকচ কৰিছে ব’ৰ্ডে। প্ৰাপ্ত তথ্য অনুসৰি গম্ভীৰক সহায়ক বাছনি কৰাৰ ক্ষেত্ৰত চৰ্ত বান্ধি দিয়া হৈছে।
টি-২০ বিশ্বকাপ জয় কৰাৰ পাছতে দায়িত্ব এৰে ৰাহুল দ্ৰাবিড়ে। তেওঁৰ ঠাইত গম্ভীৰক প্ৰশিক্ষণ হিচাপে নিযুক্তি দিয়া হয় ৷ কিন্তু তেওঁৰ সহায়ক কোন হ’ব সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই। গম্ভীৰে ফিল্ডিং প্ৰশিক্ষক হিচাপে জন্টি ৰোডছৰ নাম প্ৰস্তাৱ কৰা বুলি জানিব পৰা গৈছে। কিন্তু ব’ৰ্ডে এই প্ৰস্তাৱ মানি লোৱা নাই ৷ ইংৰাজী দৈনিক কাকতৰ এক সূত্ৰৰ মতে গম্ভীৰৰ সহায়ক হিচাপে ভাৰতীয় প্ৰশিক্ষক লোৱাটো ব’ৰ্ডে বিচাৰিছে।
দ্ৰাবিড়ৰ সহায়ক হিচাপে আছিল বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়, বলিং প্ৰশিক্ষক পৰশ মাম্বে আৰু ফিল্ডিং প্ৰশিক্ষক টি দিলীপ। সকলোৰে কার্যকাল শেষ হৈছে ৷ গম্ভীৰৰো সকলো সহায়ক দ্ৰাবিড়ৰ দৰে ভাৰতীয় হোৱাটো ব’ৰ্ডে বিচাৰে। তেনে ক্ষেত্ৰত ব’ৰ্ডে ইচ্ছা কৰিলে টি দিলীপক ফিল্ডিং প্ৰশিক্ষক হিচাপে ৰাখিব পাৰে।
দ্ৰাবিড় পদত্যাগ কৰাৰ পিছত ব’ৰ্ডে ৰোহিত শৰ্মাৰ মুখ্য প্ৰশিক্ষক হিচাপে এজন ভাৰতীয়ক বিচাৰিছিল। অৱশ্যে গম্ভীৰক প্ৰশিক্ষকৰ দায়িত্ব প্ৰদান কৰাৰ সময়ত ব’ৰ্ডে কয় যে তেওঁ যাক বাছি লোৱা সকলকে দায়িত্ব দিয়া হ’ব। কিন্তু আৰম্ভণিতে বিদেশী প্ৰশিক্ষক বিচৰাৰ বাবে তেওঁৰ আবেদন নাকচ কৰে ব’ৰ্ডে। ইয়াৰ পূৰ্বে দ্ৰাবিড় আৰু ৰবি শাস্ত্ৰীয়ে যাকে বিচাৰিছিল তেওঁকে সহায়ক হিচাপে পাইছিল। গম্ভীৰৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
সদ্য বিশ্বকাপ জয় কৰা দল এটাৰ দায়িত্ব লৈছে গম্ভীৰ। ফলত গম্ভীৰৰ কাম অধিক কঠিন হ’ব। কাৰণ অনুৰাগীয়ে দলটোৱে খিতাপ অক্ষুণ্ণ ৰাখিব বুলি আশা কৰিব। ২০২৭ চনলৈকে তেওঁক নিযুক্তি দিয়া হৈছে। অহা বছৰ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব । ইয়াৰ পিছত আৰু এখন টি-২০ বিশ্বকাপ খেলিব লাগিব তেওঁৰ নেতৃত্বত । ২০২৭ চনত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও অহা বছৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলো আছে। ক্ৰিকেটাৰ হিচাপে টি-২০ আৰু এদিনীয়া বিশ্বকাপ বিজয়ী গম্ভীৰ প্ৰশিক্ষক হিচাপেও একাধিক ট্ৰফী লাভ কৰিব বিচাৰিব।