দেওবাৰে বিশ্বকাপত ভাৰতৰ প্ৰথম খেল। চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ভাৰতে। কিন্তু সেই মেচত শুভমন গীল উপলব্ধ হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই। প্ৰাপ্ত তথ্য অনুসৰি ডেংগুত আক্ৰান্ত হৈছে শুভমন ৷
ভাৰতীয় অ’পেনাৰগৰাকীয়ে খেলিব পাৰিব নে নোৱাৰে সেয়া আজি জানিব পৰা যাব। পুনৰ এবাৰ পৰীক্ষা কৰা হ’ব তেওঁৰ। ইয়াৰ পিছত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আচলতে খেলিব নে নাই সেইটো সিদ্ধান্ত ল’ব পাৰি। এই বিশ্বকাপৰ পূৰ্বে ফৰ্মত থকাৰ ইংগিত দিছে যুৱ অ’পেনাৰগৰাকীয়ে। দলটো তেওঁৰ ওপৰত নিৰ্ভৰশীল। এনে পৰিস্থিতিত শুভমনে খেলিব নোৱাৰিলে ভাৰততীয় দলটো ক্ষতিৰ সন্মুখীন হ’ব।
যদিহে শুভমনে প্ৰথমখন মেচত অকলে খেলিব নোৱাৰে, তেন্তে ঈশান কিষাণক অপেনিং কৰা দেখা যাব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে তেওঁ অপেনিং কৰিব পাৰে ৷ দলটোত আছে লোকেশ ৰাহুল। অৱশ্যে কে এল ৰাহুলেও অপেনিং কৰিব পাৰে ৷ অৱশ্যে মিডল অৰ্ডাৰত দলটোৱে ৰাহুলক বেছি পছন্দ কৰে। গতিকে দলত ঈশান থকাৰ বাবে বাওঁহাতৰ যুৱ বেটছমেনজনক অ’পেনাৰ হিচাপে বাচি ল’ব পাৰে ৷
চাৰি বছৰ পূৰ্বে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিছিল শুভমনৰ। ইয়াৰে তেওঁ ৩৫খন মেচ খেলিছিল। তেওঁ ১৯১৭ ৰান সংগ্ৰহ কৰিছে । শুভমন এতিয়া টেষ্ট আৰু টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ নিয়মীয়াকৈ অ’পেনাৰ। বিশ্বকাপৰ প্ৰথমখন মেচত তেওঁক নথকাটো ভাৰতীয় দলৰ বাবে এক ডাঙৰ ক্ষতি।