তৃতীয়বাৰৰ বাবে অলিম্পিকত পিভি সিন্ধুৰ পদক লাভৰ আশা অন্ত পৰিল ৷ তেওঁ অলিম্পিকত তৃতীয় পদক লাভ কৰিব নোৱাৰিলে। বৃহস্পতিবাৰে চীনৰ হে বিংজিয়াওৰ বিৰুদ্ধে পৰাস্ত হয় সিন্ধু। খেলখনত সিন্ধুৱে ২১-১৯, ২১-১৪ ছেটত পৰাস্ত হয়।
গ্ৰুপ পৰ্যায়ত সিন্ধুৱে মালদ্বীপ আৰু ইষ্ট’নিয়াৰ দুগৰাকী শ্বাটলাৰক পোনপটীয়া খেলত পৰাস্ত কৰে। তেওঁলোকৰ বিৰুদ্ধে দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে ষ্ট্ৰেইট গেমছত জয়লাভ কৰিছিল যদিও বৰ আৰামদায়ক যেন লগা নাছিল। গতিকে কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৰ জয়ক লৈ সন্দেহৰ সৃষ্টি হৈছিল। চীনা প্ৰতিযোগীৰ বিৰুদ্ধে সেই ভয় সঁচা হ’ল। প্ৰথমখন খেলত সিন্ধুৱে সংগ্ৰাম কৰিছিল যদিও জয়ী হ’ব নোৱাৰিলে। দ্বিতীয়খন খেলত বিংজিয়াওৱে সম্পূর্ণ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
একেৰাহে তিনিখন অলিম্পিকত পদক লাভ কৰাৰ সুযোগ লাভ কৰিছিল সিন্ধুৱে। ৰিঅ’ আৰু টকিঅ’ৰ পিছত সিন্ধুৱে সেই লক্ষ্য আগত লৈ পেৰিছলৈ গৈছিল। কিন্তু তেওঁ কোৱাৰ্টাৰ ফাইনেলৰ পৰা আঁতৰি আহিবলগীয়া হ’ল। চাৰি বছৰৰ পাছত দেশৰ জাৰ্চি পিন্ধি তেওঁ পুনৰ অলিম্পিক খেলিব পাৰিবনে নাই তাত সন্দেহৰ সৃষ্টি হৈছে। সেই সময়ত সিন্ধুৰ বয়স হ’ব ৩৩ বছৰ। সিন্ধুৰ পৰাজয়ৰ পাছত বেডমিণ্টনৰ পৰা ভাৰতৰ পদক লাভৰ একমাত্ৰ ভৰষা হৈছে লক্ষ্য সেনে। তেওঁ কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িছে।