পিভি সিন্ধু আৰু লক্ষ্য সেনে কানাডা অ’পেন বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে চাৰিবাৰৰ মুখামুখিৰ ভিতৰত প্ৰথমবাৰৰ বাবে ফাং জিক পৰাজিত কৰে ৷ সিন্ধুৱে ২১-১৩, ২১-৭ ছেটত জয়লাভ কৰে। আনহাতে, লক্ষ্য সেনে জয়ী হ’বলৈ তিনিটা ছেটত যুঁজ দিবলগীয়া হৈছিল। তেওঁ জাৰ্মানীৰ জুলিয়েন কাৰাগীক ২১-৮, ১৭-২১, ২১-১০ ছেটত পৰাস্ত কৰে।
ছেমি ফাইনেলত সিন্ধুৰৰ আগত কঠিন যুঁজ। বিশ্বৰ এক নম্বৰ অকানে ইয়ামাগুচিৰ বিৰুদ্ধে খেলিব তেওঁ । আনহাতে লক্ষ্যই চতুৰ্থ স্থানত থকা জাপানৰ কেন্টা নিছিমোটোৰ বিৰুদ্ধে খেলিব। এইবাৰ ছিংগাপুৰ অ’পেনত ইয়ামাগুচিৰ হাতত পৰাস্ত হৈছিল সিন্ধু ৷
ছেমিফাইনেল খেলখনৰ আৰম্ভণিৰ পৰাই আগবাঢ়ি যাবলৈ সক্ষম হয় সিন্ধুৱে। চিনাকি স্মাছ এণ্ড ড্ৰপ শ্বটে জিক বিপদত পেলালে প্ৰতপক্ষক । প্ৰথম ছেটৰ বিৰতিৰ সময়ত সিন্ধুৱে ১১-৬ ছেটত অগ্ৰগতি লাভ কৰে। সিন্ধুৰ ক’র্টৰ কভাৰেজ আছিল সুন্দৰ । দ্বিতীয় ছেটত প্ৰতিদ্বন্দী ৫-৩ পইণ্টত আগবাঢ়ি যায়। সিন্ধুৱে খৰধৰকৈ মেচখনৰ নিয়ন্ত্ৰণ নিজৰ অধীনলৈ আনে ৷ তাৰ পিছত তেওঁ আগবাঢ়ি গৈ মেচখনত জয়লাভ কৰে সিন্ধুৱে ৷