এছিয়া বেডমিণ্টন চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে পিভি সিন্ধু। বৃহস্পতিবাৰে চীনৰ হান ইউৰ বিৰুদ্ধে খেলত তেওঁ জয়লাভ কৰে। সিন্ধুৰ বাহিৰেও এইচ এছ প্ৰাণোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কিন্তু কিদাম্বী শ্ৰীকান্ত এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । ইণ্ডোনেছিয়াৰ চিকো অৰা ডি ৱাৰ্ডোয়োক ১৬-২১, ২১-৫, ১৮-২১ ছেটত পৰাস্ত কৰিবলৈ প্ৰাণক ৬২ মিনিট সময় লাগিছিল। চতুৰ্থ ছিড জাপানৰ কোদাই নাৰায়োকাৰ হাতত ১৪-২১, ২২-২০ আৰু ৯-২১ ছেটত পৰাস্ত হয় শ্ৰীকান্ত।
পৰৱৰ্তী ৰাউণ্ডত জাপানৰ কান্তা চুনেয়ামাৰ বিৰুদ্ধে খেলিব প্ৰাণয়ে। ৩৩ মিনিটত সিন্ধুৱে দুর্দান্ত খেল প্ৰদর্শন কৰি ইউকেক ২১-১২, ২১-১৫ ছেটত পৰাস্ত কৰে। অষ্টম ছিড সিন্ধুৱে পৰৱৰ্তী ৰাউণ্ডত আন ছে ইয়ঙৰ বিৰুদ্ধে খেলিব। ভাৰতীয় যুটি ৰোহন কাপুৰ আৰু এন ছিকি ৰেড্ডীয়ে মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৰিয়ান যুটি ছিও চেউং জে আৰু চায় ইউ জঙৰ বিৰুদ্ধে তেওঁলোকে ৱাক অভাৰ লাভ কৰে। পৰৱৰ্তী ৰাউণ্ডত ইণ্ডোনেছিয়াৰ যুটি ডেজান ফাৰ্ডিনাচিয়া আৰু গ্ল’ৰিয়া ইমানুৱেল উইজাজাৰ বিৰুদ্ধে খেলিব।
মিক্সড ডাবলছত পৰাস্ত হয় বি সুমিত ৰেড্ডী আৰু অশ্বিনী পোনাপ্পা। খেলখনত ১৫-২১, ১৭-২১ ছেটত পৰাস্ত হয়। পুৰুষৰ ডাবলছত সাতৱিকসাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। জিন ইয়ং আৰু না ছুং চেউঙক ২১-১৩, ২১-১১ গ’লত পৰাস্ত কৰে। ইয়াৰ পিছতে তৃতীয় ছিড ইণ্ডোনেছিয়ান যুটি মহম্মদ আহছান আৰু হেন্দ্ৰা ছেটিয়াৱানৰ বিৰুদ্ধে খেলিব।