দক্ষিণ আফ্ৰিকাৰ অধিনায়ক চুনে লুউছে বিশ্বাস কৰে যে মহিলাৰ টি-২০ প্ৰত্যাহ্বানে ভাৰতীয় ঘৰুৱা ক্ৰিকেটাৰসকলক ইমান লাভান্বিত কৰিছে যে তেওঁলোকে যিকোনো দিনতে দক্ষিণ আফ্ৰিকাৰ দলত অংশ হ’বলৈ সক্ষম।
লুছে শেহতীয়াকৈ ডুবাইত টৰ্ণেডোৰ সৈতে ফেয়াৰব্ৰেক আমন্ত্ৰণমূলক টুৰ্ণামেণ্ট আৰু চুপাৰনোভাৰ সৈতে মহিলাৰ টি-২০ প্ৰত্যাহ্বানত জয় লাভ কৰিছিল। তেওঁ কৈছিল যে, এইটোৱে তেওঁক বহুত শিকাৰ সুযোগ দিছিল।লুছে কৈছিল: “আই পি এলৰ মানদণ্ড বহুত উন্নত আছিল। সহযোগী সদস্যসকলৰ খেলুৱৈসকল ফেয়াৰ ব্ৰেকত বেছি আছিল। কিছুমান ছোৱালীয়ে প্ৰথমবাৰৰ বাবে স্পাইক পিন্ধিছিল আৰু কিছুমানে প্ৰথমবাৰৰ বাবে টাৰ্ফ উইকেটত খেলি আছিল। “আটাইতকৈ আশ্চৰ্যজনক কথাটো আছিল ফেয়াৰব্ৰেকত ক্ৰিকেটৰ স্তৰ। আমি নাজানিছিলো যে অষ্ট্ৰিয়াৰ দৰে দেশতো ক্ৰিকেট খেলা হয়। তেওঁলোকে ইমান ভাল এইকাৰণেই খেলিছিল কাৰণ তেওঁলোকে ক্ৰিকেট ভাল পায়।
আনহাতে লুছে কৈছিল যে, “ইয়াক ভাৰতৰ সৈতে তুলনা কৰিব নোৱাৰি। ভাৰতত ক্ৰিকেট মানেই এক উন্মাদনা । ভাৰতৰ ঘৰুৱা ক্ৰিকেটাৰসকলো যিকোনো দিনতে দক্ষিণ আফ্ৰিকাৰ দলৰ সদস্য হ’বলৈ যোগ্য। তেওঁলোকৰ স্তৰেই বেলেগ।”
বিচিচিআইয়ে ২০২৩ চনত মহিলাৰ আই পি এল আৰম্ভ কৰিব বিচাৰিছে য’ত প্ৰথম ছিজনত পাঁচ বা ছয়টা দল থাকিব। লুছে স্বীকাৰ কৰিছিল যে অধিক ফ্ৰেঞ্চাইজি লীগ খেলিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰভাৱ পেলাব পাৰে। লুছে কৈছিল, “দুয়োটাৰ মাজত ভাৰসাম্য ৰখাটো গুৰুত্বপূৰ্ণ। ক্ৰিকেটৰ কেলেণ্ডাৰত আন্তৰ্জাতিক ক্ৰিকেট কম হ’ব নালাগে।”
চুনে লুছ মহিলাৰ টি-২০ প্ৰত্যাহ্বানত চুপাৰনোভা দলৰ অংশ আছিল। চুপাৰনোভাছে ফাইনেলত ভেলোচিটিক ৪ ৰাণত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে প্ৰতিযোগিতাখনত দখল লাভ কৰে। চুপাৰনোভা দলৰ অধিনায়ক আছিল হৰমনপ্ৰীত কৌৰ। ফাইনেলত চুপাৰনোভাছে ৭ টা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত, ভেলোচিটিয়ে ৮ টা উইকেট হেৰুৱাই মাত্ৰ ১৬১ ৰাণ কৰিবলৈ সক্ষম হয় ।