দ্ৰুততম ভাৰতীয় দৌৰবিদ দ্যুতি চান্দ ড’প টেষ্টত ব্যৰ্থ হৈছে । ৰাষ্ট্ৰীয় অভিলেখধাৰী খেলুৱৈগৰাকীক চাৰি বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শাস্তি হিচাপে ২০২৩ চনত তেওঁ লাভ কৰা সকলো পদক আৰু বঁটা কাঢ়ি লোৱা হ’ব। যোৱা আঠ মাহৰ সকলো অভিলেখ প্ৰত্যাহাৰ কৰা হ’ব।
যোৱা ৫ আৰু ২৭ ডিচেম্বৰত ড’পিং টেষ্টৰ বাবে লোৱা নমুনাত নিষিদ্ধ ঔষধৰ উপস্থিতি ধৰা পৰিছিল। তেওঁৰ নিৰ্বাসনৰ সময় ৩ জানুৱাৰীৰ পৰা আৰম্ভ হয়। এণ্টি ড’পিং ডিচিপ্লিনেৰী পেনেলে (এডিডিপি) কয়, “এজন খেলুৱৈয়ে নিষিদ্ধ পদাৰ্থ গ্ৰহণ কৰিছিল। এনে গুৰুতৰ গাফিলতি বা অপৰাধক সহজভাৱে ল’ব নোৱাৰি।” ইয়াৰ উপৰিও কোৱা হয় যে দ্যুতিয়ে প্ৰমাণ কৰিব পৰা নাছিল যে তেওঁ নিষিদ্ধ ড্ৰাগছ অজানিতে সেৱন কৰিছিল। এডিডিপিৰ মুৰব্বী চৈতন্য মহাজনে কয়, ‘সকলো বিষয় চোৱাচিতা কৰা হৈছে। অনিচ্ছাকৃতভাৱে এণ্টি ড’পিং আইন উলংঘা হোৱাৰ কোনো প্ৰমাণ দিব নোৱাৰিলে খেলুৱৈগৰাকীয়ে। তেওঁ প্ৰমাণেৰে নিজৰ দাবী প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। প্ৰথমে অভিযুক্ত খেলুৱৈজনে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজৰ ফিজিঅ’থেৰাপিষ্টৰ লগত আলোচনা কৰি ঔষধ সেৱন কৰিছিল। দ্বিতীয়তে, অভিযুক্ত খেলুৱৈজনে ড্ৰাগছ সেৱনৰ পূৰ্বে ইয়াৰ উপাদানসমূহ নিৰ্ণয় কৰা নাছিল। তৃতীয়তে, বিশ্ব এণ্টি ডপিং এজেন্সীয়ে ফিজিঅ’থেৰাপিষ্টে প্ৰেছক্ৰিপচন কৰা ঔষধৰ সৈতে নিষিদ্ধ ঔষধৰ শেহতীয়া তালিকাৰ মিল নাই।“
খবৰ অনুসৰি ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সীৰ (নাডা) নিয়মৰ ২.১ আৰু ২.২ ধাৰা উলংঘা কৰাৰ বাবে তেওঁক চাৰি বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ২০২২ চনৰ ডিচেম্বৰ মাহত দুবাৰকৈ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিল। দুয়োটা নমুনাত নিষিদ্ধ এনাবলিক ষ্টেৰইড পোৱা গৈছিল। তাৰ পিছত তেওঁক সাময়িকভাৱে নিৰ্বাসিত কৰা হয়। বৃহস্পতিবাৰে তেওঁক চাৰি বছৰৰ বাবে নিৰ্বাসনৰ শাস্তি প্ৰদান কৰা হয়।
অৱশ্যে ২১ দিনৰ ভিতৰত এই সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আবেদন কৰিব পাৰিব ২৬ বছৰীয়া খেলুৱৈগৰাকীয়ে। এছিয়ান গেমছৰ পদক বিজয়ী কেইবাগৰাকীও খেলুৱৈয়ে বিতাড়নৰ বিৰুদ্ধে আবেদন জনাইছে। তেওঁৰ অধিবক্তা পাৰ্থ গোস্বামীয়ে কয়, “নিষিদ্ধ ড্ৰাগছ সেৱন সম্পূৰ্ণ অনাকাংক্ষিত। গতিকে এই ঔষধটো কোনো বিশেষ উদ্দেশ্যত সেৱন কৰা বুলি কোনো প্ৰমাণ পোৱা নাই। কোনো প্ৰতিযোগিতাতে শাৰীৰিক বৰ্ধনৰ সুবিধা লোৱা নাছিল দৌৰবিদ গৰাকীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাবাৰো দেশক গৌৰৱান্বিত কৰিছে দ্যুতিয়ে। এদশকৰো অধিক সময় ধৰি অসংখ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ কমেও ১০০টা ড’প টেষ্ট দিছে। এনেকুৱা কেতিয়াও হোৱা নাই। সকলো ক্ষেত্ৰতে উত্তীৰ্ণ। সেয়েহে বিতাড়নৰ শাস্তি ৰেহাইৰ বাবে আবেদন কৰা হ’ব।”
২০২১ চনত দ্যুতিয়ে ১০০ মিটাৰ দৌৰ ১১.১৭ ছেকেণ্ডত সমাপ্ত কৰে। যিটো এতিয়ালৈকে মহিলাৰ ৰাষ্ট্ৰীয় অভিলেখ। চাৰি বছৰৰ নিষেধাজ্ঞাৰ বাবে অহা বছৰ অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব তেওঁ ৷