ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত পুৰস্কাৰপ্ৰাপ্ত সকলো খেলুৱৈয়ে লাভ কৰিব চৰকাৰী চাকৰি । ক্ৰীড়াবিদ সকলক এই আশাৰ বতৰা প্ৰদান কৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই । দৈনিক জনমভূমি কাকতৰ এক প্ৰতিবেদনত উল্লেখ কৰা হয় বাতৰি ।
উল্লেখযোগ্য যে বি পি এফ সদস্য দুৰ্গাদাস বড়োৱে ৰাজ্য চৰকাৰে এক লাখ নিবনুৱাৰ চাকৰি দিবলৈ লোৱা সংক্ৰান্তত বিভিন্ন খেলত পদকপ্ৰাপ্ত সকলৰ বাবে দুই বা তিনি শতাংশ চাকৰি সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছিল । তেঁও উত্থাপন কৰা বিষয়টোৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে এতিয়ালৈ ৰাষ্ট্ৰীয় ক্ৰীয়া , কমনৱেলথ গেমছ , এছিয়ান গেমছ আৰু অলিম্পিকত পদক লাভ কৰিছে তেঁওলোকে ৮ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব ।
আনহাতে অলিম্পিক , কমনৱেলথ , নেচনেল গেমছ বা এছিয়ান গেমছত সোণৰ , ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সকলক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীজনে । কাকতখনত উল্লেখ কৰা মতে ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰতো মন্ত্ৰীগৰাকীয়ে মতামত প্ৰকাশ কৰে ।
উল্লেখ্য যে ৰাজ্যত ৫২ খন ষ্টেডিয়াম নিৰ্মাণ হৈ আছে যদিও প্ৰায়বোৰৰে কাম ৰৈ আছে । বিধায়ক সকলে নিজৰ পুঁজি , আনটাইড ফাণ্ড ব্যৱহাৰ কৰি ষ্টেডিয়ামসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিবৰ বাবে ঠিকাদাৰ সকলৰ লগত কথা পাতিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায় । লগতে তেঁও ছিগনেছাৰ প্ৰগেমত ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাৱ দিবলৈও আহ্বান জনায় ।
কাকত খনত উল্লেখ কৰা মতে প্ৰতিবছৰে ৫/৬ খন ষ্টেডিয়াম নিৰ্মাণৰ বাবে পুঁজিৰ যোগান ধৰিব পৰা যাব বুলি ড. শৰ্মাই কয় । নিৰ্মাণ সম্পূৰ্ণ হোৱা ষ্টেডিয়াম বোৰত বিধায়কসকলে এখন কমিটি গঠন কৰি তাত স্থানভেদে ফুটবল, হকী , ভলীবল আদি খেলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে তেঁও জানিবলৈ দিয়ে যে প্ৰতিবছৰে কমিটিক ৫ লাখ টকাকৈ সাহাৰ্য্য প্ৰদান কৰা হ’ব ।