মহিলা এছিয়া কাপৰ ফাইনেল মেচ ভাৰত বনাম শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব । দ্বীপ ৰাষ্ট্ৰখনে ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰে। এটা বল বাকী থকা অৱস্থাত শ্ৰীলংকাই জয়লাভ কৰে। পাকিস্তানৰ ১৪০ ৰানৰ প্ৰত্যুত্তৰত ৩ উইকেটত জয়লাভ কৰে শ্ৰীলংকাই ।
ছেমি ফাইনেলত পাকিস্তানে প্ৰথম বেটিং কৰে। অ’পেনাৰ গুল ফেৰোজা (২৫) আৰু মুনিবা আলীয়ে (৩৭) ৬১ ৰানৰ অংশীদাৰিত্ব লাভ কৰে। তেওঁলোকৰ খেললৈ চাই এনে লাগিছিল যেন পাকিস্তানে বৃহৎ ৰান কৰিব। কিন্তু দুয়োজনে এটা অভাৰত আউট হোৱাৰ লগে লগে পাকিস্তানৰ বেটিং ভাঙি পৰিল। অধিনায়ক নিদা দাৰে ২৩ ৰান সংগ্ৰহ কৰে। লগতে ফাতিমা ছানাই ২৩ ৰান সংগ্ৰহ কৰে। কিন্তু তেওঁলোকে দলটোক ১৫০ ৰানৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে। পাকিস্তানৰ ইনিংছ ১৪০ ৰানত বন্ধ হৈ পৰে। শ্ৰীলংকাৰ সুগন্ধিকা কুমাৰীয়ে ৪ অভাৰত কোনো উইকেট লোৱা নাছিল যদিও ১৬ ৰানতকৈ বেছি ৰান দিয়া নাছিল।
পাকিস্তানে দিয়া ১৪১ ৰানৰ লক্ষ্য খেদি প্ৰথম অভাৰত আউট হয় শ্ৰীলংকাৰ বিষ্মী গুণাৰত্নে। হৰ্ষিতা সমৰবিক্ৰম (১২), কবিছা দিলহাৰী (১৭), নীলাক্ষীকা ছিলভাৰাই ০) আৰু অধিক ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। কিন্তু অ’পেনাৰ চামাৰী আটাপট্টু ১৭ নং অভাৰলৈকে ক্ৰীজত থাকে। তেওঁৰ ৬৩ ৰানৰ ইনিংছত দলটোৱে জয় কঢ়িয়াই আনিছিল। লগতে অনুষ্কা সঞ্জীৱনীয়ে অন্তিম অভাৰত ২২টা বলত ২৪ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। তেওঁ অপৰাজিত হৈ আছিল।
দেওবাৰে অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ মহিলা এছিয়া কাপৰ ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী শ্ৰীলংকা। বিয়লি ৩ বজাৰ পৰা ডাম্বুল্লাত আৰম্ভ হ’ব খেলখন। ভাৰতৰ মহিলা দলে অষ্টমবাৰৰ বাবে এছিয়া কাপ জয় কৰাৰ লক্ষ্য ৰাখিব।