অল ইংলেণ্ড বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ কিদাম্বী শ্ৰীকান্তে জয়লাভ কৰে। তেওঁ ফ্ৰান্সৰ টমা প’পভক ১৯-২১, ২১-১৪, ২১-৫ ছেটত পৰাস্ত কৰে। যদিও প্ৰথম দুটা ৰাউণ্ডত কঠিন প্ৰত্যহ্বানৰ সন্মুখীন হৈছিল যদিও তৃতীয় ৰাউণ্ডত ভাৰতীয় বেডমিণ্টন খেলুৱৈ গৰাকীয়ে সহজেই জয়লাভ কৰে।
সম্প্ৰতি বিশ্ব ৰেংকিঙত ২২ নম্বৰ স্থানত আছে শ্ৰীকান্ত। ২৫ নম্বৰত আছে ফ্ৰান্সৰ প’প’ভ। ৰেংকিঙত এই স্থানৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ যুদ্ধৰ আশা কৰা হৈছিল। যদিও অভিজ্ঞতাৰ ক্ষেত্ৰত ভাৰতৰ শ্ৰীকান্ত প্ৰতিপক্ষতকৈ বহু আগবাঢ়ি আছিল। সেই অভিজ্ঞতাৰে তেওঁ ফ্ৰান্সৰ ২৪ বছৰীয়া প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে।
শ্ৰীকান্তৰ আৰম্ভণি ভাল নাছিল ৷ প্ৰথমবাৰৰ বাবে যুঁজিলেও ১৯-২১ ছেটত পৰাস্ত হয়। অৱশ্যে দ্বিতীয়খন ৰাউণ্ডৰ পৰা ক্ৰমান্বয়ে উন্নত প্ৰদর্শন কৰে দ্বিতীয়খন খেলত শ্ৰীকান্তে ২১-১৪ ছেটত জয়লাভ কৰে। খেলখন সমতা স্থাপন কৰাৰ পিছত ৩০ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীক ৰখাব পৰা নগ’ল। তৃতীয় ৰাউণ্ডত তেওঁ পোপভক থিয় হ’বলৈ নিদিলে। নিৰ্ণায়ক খেলখনত সহজে জয়লাভ কৰি শ্ৰীকান্তই প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।
ইতিমধ্যে অল ইংলেণ্ড বেডমিণ্টন টুৰ্ণামেণ্টৰ পৰা আঁতৰি গৈছে ছাইনা নেহৱাল। মহিলাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত চীনৰ প্ৰতিযোগী মান জাঙৰ হাতত পৰাস্ত হৈ পিভি সিন্ধু বাহিৰ হয় ৷ফলত এইবাৰ অল ইংলেণ্ডত মহিলা একক শাখাত ভাৰতৰ আন কোনো প্ৰতিযোগী নাই। গতিকে একক খেলত পুৰুষেই ভাৰতৰ একমাত্ৰ আশা।