ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টি-২০ খেলৰ টিকট ক্ৰয় কৰিবলৈ ব্যাপক সংখ্যক ক্ৰিকেট অনুৰাগী সমবেত হোৱাৰ পিছত পদপিষ্টৰ ঘটনা সংঘটিত ৷ হাৰিয়ানাৰ জিমখানা খেলপথাৰত পদপিষ্ট হৈ চাৰিজন লোক আহত হয়। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অহা ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টি-২০ খেল ।টিকট ক্ৰয় কৰিবলৈ জিমখানা খেলপথাৰলৈ পুৱাৰে পৰা হাজাৰ হাজাৰ লোকৰ আগমণ ঘটিছিল ৷ দীঘলীয়া সময়ৰ বাবে টিকটৰ পৰা অপেক্ষা কৰা লোকৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ৷ উত্তেজিত একাংশ অনুৰাগীয়ে ঠেলা হেচা কৰি টিকট কাউণ্টাৰৰ ওচৰলৈ যাবলৈ চেষ্টা কৰাক লৈ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰে। যাৰ বাবে আৰক্ষীয়ে লাথীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় ৷
মোহলীত অনুষ্ঠিত প্ৰথম টি-২০ত অষ্ট্ৰেলিয়াই ভাৰতক পৰাজিত কৰে ৷ যাৰ বাবে আগন্তুক খেলখনক লৈ ক্ৰিকেট অনুৰাগীসকল অত্যন্ত উৎকণ্ঠিত হৈ পৰিছে ৷ ২৫ ছেপ্তেম্বৰৰ খেলত জয় সাৱ্যস্ত কৰি তিনিখনীয়া শৃংখলাত সমতা স্থাপন কৰিবলৈ চেষ্টা কৰিব ভাৰতীয় দলটোৱে ৷