পুৰুষৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে মহিলা ৰেফাৰীয়ে খেল পৰিচালনা কৰিব। বৃহস্পতিবাৰে কাটাৰৰ খেলপথাৰত নজিৰ গঢ়ি তুলিব ফ্ৰান্সৰ ৰেফাৰী ষ্টেফানী ফ্ৰাপাই। গ্ৰুপ ‘ই’ৰ মেচত তেওঁ জাৰ্মানী আৰু কোষ্টা ৰিকা ফুটবল মেচ পৰিচালনা কৰিব।
বৃহস্পতিবাৰৰ খেলখনত ষ্টেফানীৰ সতীৰ্থ ৰেফাৰীসকলো মহিলা। ৩৮ বছৰীয়া ষ্টেফানীৰ নজিৰ নিৰ্ধাৰণৰ দিনটোত ব্ৰাজিলৰ কেৰেন ডায়েজ আৰু মেক্সিকোৰ নেওজা বেকে সহকাৰী ৰেফাৰী হিচাপে কাম কৰিব।
ফিফাই ষ্টেফানীক সহায় কৰিবলৈ ভিডিঅ’ ৰিভিউ দলত চতুৰ্থগৰাকী মহিলা বিষয়াৰ নামো উল্লেখ কৰিছে। মঙলবাৰে ফিফাই ঘোষণা কৰে যে আমেৰিকান কেথেৰিন নেছবিট দলত থাকিব।দৰাচলতে কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত ফিফাই প্ৰথমবাৰৰ বাবে মহিলা ৰেফাৰীৰ সৈতে খেল পৰিচালনা কৰাৰ সিদ্ধান্ত লৈছে। ষ্টেফানীৰ উপৰিও চলিত বিশ্বকাপৰ ৩৬জন ৰেফাৰীৰ তালিকাত আছে ৰুৱাণ্ডাৰ ছালিমা মাকানছাংগা আৰু জাপানৰ যোছিমি ইয়ামাছিটাও।
কিন্তু যদি সকলো ঠিকে থাকে তেন্তে বিশ্বকাপৰ প্ৰথমগৰাকী মহিলা ৰেফাৰী হিচাপে ফ্ৰান্সৰ ষ্টেফানীয়ে অভিলেখ ৰচনা কৰিব ৷যদিও ইয়াৰ পূৰ্বেও তেওঁ পুৰুষৰ প্ৰতিযোগিতাত মেচ পৰিচালনা কৰিছে।
ষ্টেফানীয়ে ফ্ৰান্সৰ “লিগ ১”ৰ পৰা ইউৰোপৰ আন দেশলৈকে নিজৰ দেশৰ পুৰুষৰ মেচৰ দায়িত্বও লৈছিল। ইয়াৰ উপৰিও তেওঁ আছিল পুৰুষৰ মেচ পৰিচালনা কৰা কৰা প্ৰথমগৰাকী মহিলা ৰেফাৰী।
২০১৯ চনৰ আগষ্ট মাহত পুৰুষৰ ইউএফএ ছুপাৰ কাপ, পিছৰ বছৰৰ ডিচেম্বৰ মাহত চেম্পিয়নছ লীগ আৰু ২০২২ চনৰ মে’ মাহত ফ্ৰান্স কাপৰ ফাইনেলত প্ৰথমগৰাকী মহিলা ৰেফাৰী হিচাপে ষ্টেফানীয়ে নজিৰ গঢ়ি তুলিছে। এইবাৰ তেওঁ বিশ্বকাপৰ মঞ্চত শিৰোনাম দখল কৰিছে।
কাটাৰত মেচ পৰিচালনাৰ পূৰ্বে ষ্টেফানীয়ে লিংগ সমতাৰ প্ৰসংগ পুনৰ উত্থাপন কৰিছে । ষ্টেফানীয়ে কয় “ আপুনি কোন লিংগৰ সেয়া ডাঙৰ কথা নহয়। বৰঞ্চ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি কিমান দক্ষ। মই নাৰীবাদীৰ মুখপাত্ৰ নহয়। কিন্তু আশাকৰোঁ ফিফাৰ এই পদক্ষেপে লিংগ সমতাৰ ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰিব।“
ফ্ৰান্সত ডাঙৰ-দীঘল হোৱা ষ্টেফানীয়ে ১৩ বছৰ বয়সতে ৰেফাৰীৰ ৰূপত অভিষেক ঘটায়। তেওঁ ৰাষ্ট্ৰীয় দলৰ ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত মেচ মেনেজমেণ্টৰ দায়িত্ব লাভ কৰে।
২০১১ চনত প্ৰথম অৱস্থাত ষ্টেফানীয়ে ঘৰুৱা ক্ষেত্ৰত পুৰুষৰ তৃতীয় বিভাগৰ খেলৰ দায়িত্ব লয়। পিছৰ বছৰ ফ্ৰান্সৰ লিগ ২ (দ্বিতীয় বিভাগৰ ফুটবল)ত অভিষেক ঘটায়। লিগ ২ত পুৰুষৰ মেচৰ পৰিচালনা কৰা প্ৰথমগৰাকী মহিলা ৰেফাৰী ষ্টেফানী। ২০১৮ চনৰ ৩ ডিচেম্বৰত ফিফাই ঘোষণা কৰে যে ২০১৯ চনৰ মহিলা বিশ্বকাপৰ ৰেফাৰী হিচাপে তেওঁৰ নাম নিৰ্বাচিত কৰা হৈছে। পিছৰ বছৰত তেওঁ ফ্ৰান্সৰ লিগ ১ত খেলা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
তাৰ পিছৰ বছৰবোৰত ষ্টেফানীয়ে এটা এটাকৈ বহুতো নজিৰ গঢ়ি তুলিছিল। ইউএফএ ছুপাৰ কাপত লিভাৰপুল বনাম চেলছীৰ মেচ হওক বা চেম্পিয়নছ লীগত জুভেন্টাছ বনাম ডাইনামো কিয়েভ – তেওঁ দক্ষতাৰে চম্ভালিবলৈ সক্ষম হৈছে ।
ইণ্টাৰনেশ্যনেল ফেডাৰেচন অৱ ফুটবল হিষ্ট্ৰী এণ্ড ষ্টেটিষ্টিকছ (আই এফ এফ এইচ এছ)ৰ দ্বাৰা ২০১৯, ২০২০ আৰু ২০১৯ বৰ্ষত ৩ বাৰকৈ শ্ৰেষ্ঠ মহিলা ৰেফাৰী হিচাপে ভোট লাভ কৰিছে ষ্টেফানীয়ে। এইবাৰ কাটাৰত নতুন ৰূপত দেখা পোৱা যাৱ এই ফৰাচী মহিলা গৰাকীক ৷