ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে। যদি সকলো ঠিকে থাকে তেন্তে ২৬ মাৰ্চত আফগানিস্তানৰ বিৰুদ্ধে দেশৰ হৈ ১৫০ সংখ্যক মেচ খেলিব সুনীল ছেত্ৰীয়ে। সেইদিনা ফেডাৰেচনে তেওঁক গুৱাহাটীৰ সৰুসজাই খেলপথাৰত সম্বর্ধনা জনাব।
ভাৰতীয় দলটোৱে ২০২৬ চনৰ বিশ্বকাপ আৰু ২০২৭ চনৰ এ এফ চি এছিয়ান কাপৰ বাবে কোৱালিফাইং মেচ খেলিছে। মঙলবাৰৰ খেলখন দলৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচ গ’লবিহীনভাৱে সমাপ্ত হৈছে । গুৱাহাটীত এছলী ৱেষ্টউডৰ দলক পৰাস্ত কৰিব নোৱাৰিলে ভাৰতীয় দলটো চাপৰ সন্মুখীন হ’ব ৷ সেই মেচৰ পূৰ্বে ফেডাৰেচনে সুনীলক ১৫০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচৰ মাইলৰ খুঁটি স্পৰ্শ কৰাৰ বাবে সম্বৰ্ধনা জনাব বিচাৰিছে।
এআইএফএফৰ সভাপতি কল্যাণ চৌবে কয়, “ ২০০৫ চনৰ পৰা দেশৰ হৈ খেলি আহিছে সুনীল ছেত্ৰীয়ে। ইমান দিনে তেওঁক উচ্চতম পৰ্যায়ত খেলাটো আমাৰ সৌভাগ্যৰ কথা। ১৫০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ খেলিবলৈ ওলাইছে সুনীল ছেত্ৰীয়ে ।এয়া মহান কৃতিত্ব। সুনীলে দীৰ্ঘদিন ধৰি ভাৰতীয় ফুটবলৰ পতাকা উচ্চ কৰি ৰাখিছে। তেওঁ কেৱল এজন মহান ফুটবলাৰ নহয়, লাখ লাখ ল’ৰা-ছোৱালীক ফুটবল খেলিবলৈ অনুপ্ৰাণিত কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ফুটবলত এই উচ্চতাত উপনীত হোৱাৰ বাবে সুনীল ছেত্ৰীক মোৰ অভিনন্দন।”
২০০৫ চনৰ ১২ জুনত কুৱেটত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় জাৰ্চি পিন্ধি প্ৰথমবাৰৰ বাবে সুনীল ছেত্ৰীয়ে ফুটবল খেলিছিল। এই পৰ্যন্ত তেওঁ ১৪৯খন খেল খেলি দেশৰ হৈ ৯৩টা গ’ল দিছে। যিটো ভাৰতীয় ফুটবলাৰৰ ভিতৰত সৰ্বাধিক। তেওঁৰ আন এটা অভিলেখ আছে। ২৫, ৫০, ৭৫, ১০০ আৰু ১২৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচত সুনীল ছেত্ৰীয়ে গ’ল দিবলৈ সক্ষম হৈছে ৷