ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক ইগ’ৰ ষ্টিমাচে এছিয়ান গেমছত খেলাৰ সুযোগ বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। সোমবাৰে সুনীল ছেত্ৰীৰ প্ৰশিক্ষকে টুইট কৰি নিজেই এই কথা কয়।
নিয়ম অনুসৰি ভাৰতীয় ফুটবল দলক এছিয়ান গেমছ খেলিবলৈ দিয়া নহয়। সেই কথা মনত ৰাখি ষ্টিমাচে প্ৰধানমন্ত্ৰীক আবেদন জনায়। নৰেন্দ্ৰ মোডী আৰু অনুৰাগ ঠাকুৰৰ ওচৰত কৰা আবেদনত ষ্টিমাচে লিখিছে, ‘এচিয়ান গেমছলৈ ভাৰতীয় ফুটবল দলক নপঠোৱাৰ সিদ্ধান্তৰ বিষয়ে আপোনালোকক কোনোবাই অৱগত কৰিছে নে নাই মই নাজানো। ২০১৭ চনত ভাৰতে ১৭ বছৰ অনুৰ্ধ বিশ্বকাপ আয়োজন কৰিছিল। ইয়াৰ ফলত যুৱ ফুটবলাৰৰ নামত বহু খৰচ হৈছিল। আপুনিও সপোন দেখিছে ভাৰতে বিশ্বকাপত খেলা। সেই সপোন পূৰণৰ স্বাৰ্থত আমি এতিয়ালৈকে যি সমৰ্থন পাইছো, সেই সমৰ্থন আমি লাভ কৰি যাম বুলি আশা কৰিছো।”
ভাৰতক বাধা দিয়া কাৰণটো হ’ল দলীয় ক্ৰীড়াত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে এছিয়ান গেমছত অংশগ্ৰহণ কৰা শীৰ্ষ আঠ ৰেংকিঙৰ দেশৰ ভিতৰত থাকিলেহে দল প্ৰেৰণৰ অনুমতি দিয়ে। ইয়াৰ বাহিৰেও ৰেংকিঙত যোৱা এবছৰৰ স্থান চোৱা হয় ৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ গাইডলাইন ভাৰতীয় অলিম্পিক সন্থা আৰু বিভিন্ন ক্ৰীড়াৰ সৰ্বভাৰতীয় ক্ৰীড়া সংস্থাসমূহলৈ প্ৰেৰণ কৰা হৈছে। এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতীয় পুৰুষ দল ১৮ নম্বৰ স্থানত আছে। দশম স্থানত আছে ভাৰতৰ মহিলা দল। গতিকে ভাৰতীয় ফুটবল দলক এছিয়ান গেমছ খেলিবলৈ দিয়াৰ অনুমতি দিয়া হোৱা নাই ৷
১৯৫১ আৰু ১৯৬২ চনত এছিয়ান গেমছ ফুটবলত ভাৰতে সোণৰ পদক লাভ কৰিছিল। কিন্তু এতিয়া কেন্দ্ৰই ফুটবল দলটোক অংশগ্ৰহণৰ অনুমতি নিদিয়ে। নীতিগতভাৱে এছিয়ান গেমছ বা অলিম্পিকৰ দৰে প্ৰতিযোগিতালৈ পদক লাভৰ কোনো সম্ভাৱনা নথকা দল এটাক পঠোৱাৰ বিৰোধিতা কৰে কেন্দ্ৰই। আনকি ২০১৮ চনতো চৰকাৰে ফুটবল দলটোক এছিয়ান গেমছলৈ পঠিয়াবলৈ অনুমতি দিয়া নাছিল। ভাৰতীয় ফুটবল দলে বিগত তিনিটা দশক ধৰি এই সমস্যাৰ সন্মুখীন হৈ আহিছে।