টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাই মঙলবাৰে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। টুইটাৰত এই কথা ঘোষণা কৰাৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা অৱসৰ গ্ৰহণ কৰিব নে নকৰে , সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা ৰাইনাই বি চি চি আই (বৰ্ড অৱ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া) আৰু চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ধন্যবাদ জনাই টুইটাৰত এক বিশেষ টোকা শ্বেয়াৰ কৰে।
It has been an absolute honour to represent my country & state UP. I would like to announce my retirement from all formats of Cricket. I would like to thank @BCCI, @UPCACricket, @ChennaiIPL, @ShuklaRajiv sir & all my fans for their support and unwavering faith in my abilities 🇮🇳
— Suresh Raina🇮🇳 (@ImRaina) September 6, 2022
তেওঁ কয় -“মোৰ দেশ আৰু ৰাজ্য উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে এক সন্মান ৷ মই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিব বিচাৰিছো। মোৰ প্ৰতি থকা সমৰ্থন আৰু অটল বিশ্বাসৰ বাবে মই বিচিচিআই, উত্ৰপ্ৰদেশ ক্ৰিকেট একাডেমী, চেন্নাই ছুপাৰ কিংচ আৰু মোৰ সকলো অনুৰাগীক ধন্যবাদ জনাইছো।’
আই পি এলৰ অন্যতম সফল খেলুৱৈ ৰাইনাই ২০৫ খন খেলত ৫৫২৮ ৰান সংগ্ৰহ কৰিছে। চি এছ কেৰ প্ৰাক্তন তাৰকাগৰাকীয়ে এই লীগত ৩৯টা অৰ্ধশতক অর্জন কৰিছে । ৰাইনাৰ গড় স্ক’ৰ হৈছে ৩২.৫২ ৰান ৷