ক্ৰিকেট জগতত উগাণ্ডা কোনো চিনাকি নাম নহয়। অৱশ্যে এই আফ্ৰিকান দেশখন পৰৱৰ্তী টি-২০ বিশ্বকাপৰ অন্যতম প্ৰতিদ্বন্দ্বী। সেই দেশৰ এজন ক্ৰিকেটাৰে নতুন অভিলেখ ৰচনা কৰিব পাৰে ৷
উগাণ্ডাই টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। দলটোত আছে ৪৩ বছৰীয়া অফ স্পিনাৰ ফ্ৰেংক নুবুগা। বিশ্বকাপত তেওঁ ৰেকর্ড গঢ়াৰ সুযোগ আছে। অৱশ্যে ইয়াৰ বাবে বিশেষ পৰিশ্ৰম কৰিব নালাগে। যিকোনো মেচতে প্ৰথম এঘাৰত অন্তভুর্ক্ত হ’লেই নুবুগাই টি-২০ বিশ্বকাপত আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে অভিষেক ঘটোৱাৰ নজিৰ গঢ়ি তুলিব। একে সময়তে তেওঁ পৰৱৰ্তী বিশ্বকাপত আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব ৷
আফ্ৰিকা অঞ্চলৰ কোৱালিফাইং ৰাউণ্ডত দ্বিতীয় স্থান দখল কৰি উগাণ্ডাই প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপ খেলাৰ সুযোগ লাভ কৰিছে। ৩ জুনত গায়ানাত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব উগাণ্ডাই। গ্ৰুপ ‘চি’ত আয়োজক ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড আৰু পাপুয়া নিউ গিনিৰ লগতে উগাণ্ডা আৰু আফগানিস্তান অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হোৱাৰ পিছতো উগাণ্ডাই বিশ্বকাপত কমেও চাৰিখন খেল খেলাৰ সুযোগ পাব। জিম্বাবুৱে আৰু কেনিয়াতকৈ আগবাঢ়ি যোগ্যতা অৰ্জন কৰা শেষ দেশ আছিল তেওঁলোক।
১৬ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটে নুবুগাৰ। প্ৰথমবাৰৰ বাবে ১৯৯৭ চনত আইচিচি ট্ৰফীত উগাণ্ডাৰ হৈ খেলিছিল তেওঁ । স্পিনাৰগৰাকীয়ে দেশৰ হৈ ৫৪খন টি-২০ মেচ খেলি ৫৫টা উইকেট দখল কৰিছে। অহা আগষ্ট মাহত নুবুগাই ৪৪ বছৰ সম্পূৰ্ণ কৰিব।