শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ ছিৰিজত অন্তৰ্ভুক্ত নহ’ল বিৰাট কোহলী। আঙুলিৰ আঘাতৰ বাবে নেখেলে ৰোহিত শৰ্মাইয়ো । নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁলোক ঘূৰি অহাৰ কোনো ইংগিত পোৱা নাই। বৰঞ্চ ‘ইনছাইডস্প’ৰ্টছ’ নামৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ব’ৰ্ডৰ এজন বিষয়াই কয় যে ৰোহিতৰ টি-২০ কেৰিয়াৰ প্ৰায় শেষ হোৱাৰ দিশে আগবাঢ়িছে ৷
টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰা ক্ৰিকেটাৰসকলৰ ভিতৰত ৰোহিত শৰ্মা, বিৰাট কোহলী, ভুৱনেশ্বৰ কুমাৰ, ৰবিচন্দ্ৰন অশ্বিনে টি-২০ দলত সুযোগ পাব নে নাপাব সেয়া নিশ্চিত কৰিব পৰা নাই ব’র্ডে। তেওঁ কয়, ‘নিউজিলেণ্ডৰ বিৰুদ্ধেও বিৰাটক লোৱা নহ’ব। তেওঁলোকক যে বাদ দিয়া হৈছে এনে নহয়। আমি ভাবো ভৱিষ্যতৰ বাবে দল গঢ়ি তোলা উচিত। অৱশ্যে অৱশেষত এই সিদ্ধান্ত নিৰ্বাচকসকলে ল’ব।’
ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিছে। ইয়াৰ পিছত দুয়োটা দলে এদিনীয়া শৃংখলা খেলিব। ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই ছিৰিজ ৷ অন্তিমখন খেল ১৫ জানুৱাৰীত অনুষ্ঠিত হ’ব । ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নিউজিলেণ্ডৰ শৃংখলা। ভাৰতে প্ৰথমে তিনিখন এদিনীয়া আৰু তাৰ পিছতে তিনিখন টি-২০ মেচ খেলিব। বিৰাটক সেই ছিৰিজত ৰখাৰ সম্ভাৱনা আছে বুলি বিবেচিত হৈছে।
বাছনি সমিতিৰ এতিয়াও সিদ্ধান্ত লোৱা নাই ব’র্ডে । অৱশ্যে বাদ পৰা চেতন শৰ্মাক পুনৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। সেই সিদ্ধান্ত এতিয়াও ঘোষণা কৰা নাই ব’ৰ্ডে। কিছুদিনৰ ভিতৰত নতুন বাছনি সমিতিৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। কমিটীৰ প্ৰথম কাম হ’ব পাৰে নিউজিলেণ্ডৰ শৃংখলাৰ বাবে দল নিৰ্বাচন কৰা।