বাংলাদেশে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। আশা কৰা মতে অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে নাজমুল হোছেইন শ্বাণ্টোক। ঘৰুৱা ক্ষেত্ৰত জিম্বাবুৱেৰ বিৰুদ্ধে ৪-১ গ’লত জয়লাভ কৰাৰ পাছতে বাংলাদেশৰ নিৰ্বাচক দলটোৱে বিশ্বকাপৰ দলটো বাছনি কৰিছে।
মূলতঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সফল খেলুৱৈৰে দলটো গঠন কৰা হৈছে। চাকিব আল হাছানেও প্ৰায় এবছৰৰ অন্তত বাংলাদেশৰ টি-২০ দললৈ ঘূৰি আহিছে ৷জিম্বাবুৱেৰ বিৰুদ্ধে ভাল প্রদর্শন কৰাৰ পাছত দলত অন্তর্ভুক্ত হৈছে যুৱ বেগী বলাৰ তানজিম হাছান ছাকিব৷
টি-২০ বিশ্বকাপত গ্ৰুপ ডিত আছে বাংলাদেশ। ৭ জুনত বাংলাদেশৰ প্ৰথম প্ৰতিদ্বন্দ্বী হৈছে শ্ৰীলংকা। গ্ৰুপটোৰ আন দলসমূহ হ’ল দক্ষিণ আফ্ৰিকা, নেদাৰলেণ্ড আৰু নেপাল।
বাংলাদেশ দলঃ নাজমুল হোছেইন শ্বাণ্টো (অধিনায়ক), তাস্কিন আহমেদ, লিটন দাস, সৌম্য সৰকাৰ, তাঞ্জিদ হাছান তামিম, চাকিব আল হাছান, তৌহিদ হৃদয়, মাহমুদুল্লাহ ৰিয়াদ, জাকেৰ আলী আনিক, তনবীৰ ইছলাম, শ্বাক মেহদি হাছান, ঋষদ হোছেইন, মুস্তাফিজুৰ ৰহমান, শ্বৰীফুল ইছলাম আৰু তানজিন হাছান চাকিব। সংৰক্ষিত সদস্য : আফিফ হুছেইন আৰু হাছান মেহমুদ।