দেওবাৰে ‘৮৩ সংখ্যক ছিনিয়ৰ নেচনেল এণ্ড ইণ্টাৰ ষ্টেট চেম্পিয়নশ্বিপ’ত অংশগ্ৰহণ কৰিবলৈ শ্বিলঙলৈ গৈ থকা তামিলনাডুৰ প্ৰতিশ্ৰুতিসম্পন্ন ভাৰতীয় টেবুল টেনিছ খেলুৱৈ বিশ্ব দীনাদয়ালানৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত দীনাদয়ালনৰ বয়স আছিল ১৮ বছৰ।
গুৱাহাটীৰ পৰা শ্বিলঙলৈ তেওঁৰ তিনিজন সতীৰ্থৰ সৈতে এখন গাড়ীত যাত্ৰা কৰি থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন ১২ চকীয়া ট্ৰেইলাৰে পথটোৰ ডিভাইডাৰৰ মাজেৰে বাহনখনত খুন্দা মাৰি খাদত পৰে ।টেবুল টেনিছ ফেডাৰেচন অৱ ইণ্ডিয়া (টিটিএফআই)ৰ দ্বাৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, চালকজনৰ ঘটনাস্থলীতে মৃত্যু হয়, আনহাতে দীনাদয়ালনক নংপোহ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে মৃত ঘোষণা কৰে।
উক্ত দুৰ্ঘটনাত তেওঁৰ সতীৰ্থ ৰমেশ সন্তোষ কুমাৰ, অবিনাশ প্ৰসন্নজী শ্ৰীনিবাসন আৰু কিশোৰ কুমাৰ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল যদিও বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।চেম্পিয়নশ্বিপৰ আয়োজকসকলে তেওঁলোকক পৰৱৰ্তী চিকিৎসাৰে বাবে শ্বিলঙৰ উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ (এনইআইজিআৰআইএইচএমএছ) লৈ যায়।
দীনাদয়ালনৰ অকাল মৃত্যুত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে কয়, “আমাৰ যুৱ, প্ৰতিশ্ৰুতিশীল টেবুল টেনিছ খেলুৱৈ বিশ্ব দীনাদয়ালনৰ হৃদয়বিদাৰক আৰু অকাল মৃত্যুৰ বিষয়ে শুনি হতবাক হৈছো। তেওঁ এজন সুদক্ষ খেলুৱৈ আছিল আৰু তেওঁ অতি সোনকালে আমাক এৰি যোৱাৰ বাবে দুখ পাইছোঁ।”
কেইবাটাও ৰাষ্ট্ৰীয় ৰেংকিং খিতাপ আৰু আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰা প্ৰতিশ্ৰুতিশীল খেলুৱৈ দীনাদয়ালনে ২৭ এপ্ৰিলৰ পৰা অষ্ট্ৰিয়াৰ লিঞ্জত অনুষ্ঠিত ডব্লিউটিটি যুৱ প্ৰতিদ্বন্দীতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল।
দীনাদয়ালনৰ কেডেট আৰু চাব-জুনিয়ৰৰ পৰা জুনিয়ৰ শাখালৈ পৰিৱৰ্তন স্থিৰ আছিল। তেওঁ কেডেট আৰু চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় খিতাপও জিকিছিল।
লয়োলা মহাবিদ্যালয়ৰ বি.কমৰ ছাত্ৰজনে এই জানুৱাৰীত ডেৰা ডুন ৰাষ্ট্ৰীয় ৰেংকিং টুৰ্ণামেণ্টৰ সময়ত অনুৰ্ধ-১৯ৰ খিতাপ জয় কৰিছিল।