তালিবান ক্ৰীড়া, সংগীত আদিকে ধৰি যিকোনো ধৰণৰ মনোৰঞ্জনৰ তীব্ৰ বিৰোধিতাৰ বাবে জনাজাত। ২০০১ চনত সমাপ্ত হোৱা পূৰ্বৱৰ্তী তালিবান শাসনকালত তালিবান উগ্ৰপন্থীসকলে ষ্টেডিয়ামসমূহক ৰাজহুৱা মৃত্যুদণ্ডৰ স্থানলৈ পৰিৱৰ্তন কৰিছিল।
ক্ৰীড়াৰ সৈতে অতীতৰ সন্ত্ৰাসৰ স্বত্বেও তালিবানৰ অনুপস্থিতিৰ সাম্প্ৰতিক সময়ছোৱাত আফগানিস্তানত ক্ৰিকেট যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। কিন্তু আফগানিস্তানৰ ইছলামিক আমিৰাত আৰু তালিবান পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ ফলত খেলৰ সমাপ্তি ঘটাৰ লক্ষণ প্ৰকট হৈ উঠিছে।
ভাৰতীয় ক্রিকেটৰ অনন্য সুন্দৰ সংযোজন টি–২০ প্রতিযোগিতাৰ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ অনুৰাগীয়ে জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ মেচৰ আমেজ লৈছে।
দুৰ্ভাগ্যজনকভাৱে আফগানিস্তানৰ ক্ৰিকেট আনুৰাগীসকল আই পি এলৰ মেচ উপভোগৰ পৰা বঞ্চিত হৈছে৷ কাৰণ তালিবানে আফগানিস্তানত আই পি এল নিষিদ্ধ কৰিছে। তালিবানে আফগান সংবাদ মাধ্যমসমূহক আই পি এল সম্প্ৰচাৰ সম্পৰ্কে সতৰ্ক কৰি দিছে যে খেলখনত মহিলাই প্ৰদৰ্শিত নৃত্যৰ লগতে ষ্টেডিয়ামত মহিলা দৰ্শকো উপস্থিত থাকিব।
যোৱা সপ্তাহত আফগানিস্তানৰ নতুন ক্ৰীড়া প্ৰধান বছিৰ আহমেদ ৰুস্তমজাই মন্তব্য কৰিছিল যে তালিবানে ৪০০ বিধ ক্ৰীড়াৰ বাবে অনুমতি দিব। তাৰ মাজত মহিলাসকলে এটাও খেলিব পাৰিব নে নাই সেয়া নিশ্চিত নহয় আৰু মহিলা সন্দৰ্ভত অধিক প্ৰশ্ন নকৰিবলৈ তেওঁ সংবাদ মাধ্যমক অনুৰোধ কৰিছিল।
আন বিবৃতিত তালিবানৰ এজন মুখপাত্ৰই কৈছিল যে মহিলাসকল মন্ত্ৰী হ’ব নোৱাৰে, তেওঁলোকে কেৱল সন্তান জন্ম দিব লাগে। অৱশ্যে দেশখনৰ জনপ্রিয় ক্রিকেটাৰ ৰশ্বিদ খান, মহম্মদ নবী আৰু মুজিব উৰ ৰহমানে প্রতিযোগিতাখনত অংশগ্রহণ কৰিছে। অথচ অনুৰাগীসকল তেওঁলোকৰ প্ৰদৰ্শন চোৱাৰ পৰা বঞ্চিত হৈ ৰ’ব।
তালিবানৰ মত অনুসৰি আই পি এলৰ বিষয়বস্তু ইছলামবিৰোধী। সেয়েহে আফগানিস্তানত প্রতিযোগিতাখনৰ সম্প্রচাৰ বন্ধ কৰা হৈছে৷ মেচৰ সময়ছোৱাত আউলি-বাউলি চুলিৰে চীয়েৰ লীডার্ছে কৰা নৃত্য ইছলামিক সংস্কৃতিৰ পৰিপন্থী বুলি মন্তব্য কৰে তালিবানে৷