চীনৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলা ফুটবলাৰসকলক টেটু অঁকাৰ ক্ষেত্ৰত নিষিদ্ধাজ্ঞা জাৰি কৰা হৈছে আৰু এক নতুন নিৰ্দেশনাৰ অধীনত তেওঁলোকে ইতিমধ্যেই আগতীয়াকৈ আঁকি থোৱা টেটুবোৰ আঁতৰাবলৈ পৰামৰ্শ দিয়া হৈছে।
দেশখনৰ ক্ৰীড়া প্ৰশাসন সংস্থাই কৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত টেটু থকা নতুন খেলুৱৈ সকলক যুৱ দলত নিয়োগ কৰাটো “কঠোৰভাৱে নিষিদ্ধ”। আনহাতে প্ৰশাসনে কৈছে যে এই পদক্ষেপ “সমাজৰ বাবে এটা ভাল উদাহৰণ” ৷
ডিফেণ্ডাৰ ঝাং লিনপেঙকে ধৰি কিছুমান ৰাষ্ট্ৰীয় তাৰকাকো তেওঁলোকৰ টেটু ঢাকিবলৈ কোৱা হৈছিল।চীনে পৰ্দাত দেখুওৱা টেটু বন্ধ কৰিবলৈ ২০১৮ চনৰ মাজভাগৰ পৰা ক্ৰমান্বয়ে নিয়ন্ত্ৰণ বৃদ্ধি কৰি আহিছে। এক বিবৃতি যোগে দেশৰ ক্ৰীড়া প্ৰশাসনে (জিএএছ) টেটু থকা ৰাষ্ট্ৰীয় খেলুৱৈসকলক সেইবোৰ আঁতৰাবলৈ পৰামৰ্শ দিছিল ।বিশেষ পৰিস্থিতিত খেলুৱৈ সকলক প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ সময়ত টেটুবোৰ ঢাকি ৰাখিব লাগিব বুলিও ইয়াৰ যোগেদি কোৱা হৈছিল ।
চীনা সংস্কৃতিত জাতিগত গোটবোৰৰ মাজত টেটুবোৰ প্ৰায়ে অসভ্যতাৰ চিহ্ন হিচাপে দেখা গৈছিল।সয়েহে বছৰৰ আৰম্ভণিতে, চীনৰ সম্প্ৰচাৰ নিয়ন্ত্ৰণে ঘোষণা কৰিছিল যে ই অস্বাস্থ্যকৰ সমল বুলি বৰ্ণনা কৰা নিয়মবোৰ কঠোৰ কৰি আছে।
ইতিমধ্যে টেটু আৰু পুৰুষৰ পনিটেল থকা ক্ৰীড়া ব্যক্তিত্ব আৰু চেলিব্ৰিটিসকলৰ দ্বাৰা দূৰদৰ্শন আৰু ইণ্টাৰনেট প্ৰদৰ্শন সীমিত কৰা হৈছে ৷ কিছুমান ক্ষেত্ৰত এইবোৰ পৰ্দাৰ পৰা অস্পষ্ট কৰা হৈছে।
যোৱা ডিচেম্বৰত, চীনত মহিলা বিশ্ববিদ্যালয়ৰ ফুটবল খেল খন খেলুৱৈসকলক চুলিত ৰং কৰিবলৈ অনুমতি দিয়া নহয় বুলি কোৱাৰ পিছত বাতিল কৰিব লগা হৈছিল।
খেলৰ আয়োজক নেচনেল য়ুথ কেম্পাছ ফুটবল লীগে সেই সময়ত এক বিবৃতিত কৈছিল যে সকলো পৰ্যায়ৰ খেলুৱৈয়ে টেটু কৰিব , চুলি ৰং কৰিব নোৱাৰিব, অদ্ভূত কেশসজ্জা কৰিব নোৱাৰিব বা যিকোনো আনুসঙ্গিক সামগ্ৰী পিন্ধিব নোৱাৰিব, অন্যথা তেওঁলোক প্ৰতিযোগিতাৰ বাবে অযোগ্য হ’ব।