বিগত ছয় বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আই চি চি টি-২০ দলৰ ৰেংকিঙত শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে ৷ ২০ ফেব্ৰুৱাৰীত কলকাতাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩-০ ত শৃংখলা জয়ৰ পিছত ভাৰতীয় দলটো শীর্ষ স্থানত উপনীত হয় ৷ ছয় বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আইচিচি টি-২০ দলৰ ৰেংকিঙত টীম ইণ্ডিয়া এক নম্বৰ দল হিচাপে পৰিগণিত হৈছে । ২৬৯ ৰেটিং পইণ্টেৰে শীর্ষত থকা টি-২০ প্ৰাক্তন বিশ্ব চেম্পিয়ন ইংলেণ্ডক অতিক্ৰম কৰি দলটোৱে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় ৷
ইয়াৰ পূর্বে ২০১৬ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ২০১৬ চনৰ ৩ মে’লৈ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত টি-২০ ফৰ্মেটত প্ৰথম স্থানত আছিল ভাৰতীয় দলটো ৷ ভাৰত অন্তিমবাৰৰ বাবে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি পৰাজিত হৈছিল ৷ ইয়াৰ পুর্বৰ আফগানিস্তান, নামিবিয়া আৰু স্কটলেণ্ডৰ বিৰুদ্ধে মেচত জয়লাভ কৰিছিল ভাৰতে ৷ টি-২০ বিশ্বকাপৰ পিছত বিৰাট কোহলীয়ে অধিনায়কত্বৰ পৰা আঁতৰি যোৱাৰ পিছত নতুন অধিনায়ক হিচাপে ৰোহিত শৰ্মাই ভাৰতক নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত একেৰাহে নবাৰকৈ জয়ৰ সোৱাদ প্ৰদান কৰিছিল ৷