দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ শৃংখলাৰ পূৰ্বে অহা ৫ জুনত দিল্লীত একত্ৰিত হ’ব ভাৰতীয় ক্ৰিকেট দল। ৯ জুনত আৰম্ভ হ’ব শৃংখলাৰ প্ৰথমখন মেচ আৰু ২ জুনত উপস্থিত হ’ব দক্ষিণ আফ্ৰিকা।এই শৃংখলাৰ বাবে দর্শকৰ ভিৰৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাথাকিব ৷ ক্ৰিকেটাৰসকলৰ বাবে নাথাকিব বায়’-বাবল ৷ অৱশ্যে খেলুৱৈসকলক নিয়মীয়াকৈ ক’ভিড-১৯ পৰীক্ষা কৰা হ’ব। দিল্লীৰ উপৰি কটক (১২ জুন), বিশাখাপট্টনম (১৪ জুন), ৰাজকোট (১৭ জুন) আৰু বেংগালুৰু (১৯ জুন)ত অনুষ্ঠিত হ’ব মেচ ৷
ডিডিচিএৰ যুটীয়া সম্পাদক ৰাজন মানচন্দাই প্ৰকাশ কৰা অনুসৰি , ৫ জুনত ভাৰতীয় দলটোৱে ইয়াত একত্ৰিত হোৱাৰ বিপৰীতে ২ জুনত দক্ষিণ আফ্ৰিকাৰ দলটোৱে দিল্লীত অৱতৰণ কৰিব। দুমাহৰ দীঘলীয়া আই পি এলৰ পিছত অতি প্ৰয়োজনীয় বিৰতিত আছে ভাৰতীয় ক্ৰিকেটাৰ সকল। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত কে এল ৰাহুলে ভাৰতীয় দলৰ নেতৃত্ব দিব ৷ বিৰাট কোহলী, যচপ্ৰীত বুমৰাহকে ধৰি অন্যান্য অল ফৰ্মেটৰ খেলুৱৈৰ সৈতে ৰোহিত শর্মাই জিৰণি ল’ব ৷