মধুৰ নহ’ল টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ বিদায় ৷ ডুবাই ডিউটি ফ্ৰী টেনিছ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হয় ছানিয়া। তেওঁ আৰু মেডিচন কিছে ভাৰ্ন’কিয়া কুডাৰমেটোভা আৰু লিউডমিলা ছামছ’নোভাৰ হাতত ৪–৬, ০–৬ ছেটৰ ব্যৱধানত পৰাস্ত হয়। এই পৰাজয়ৰ লগে লগে ছানিয়াৰ দুটা দশকৰ ৰঙীন টেনিছ কেৰিয়াৰৰ অন্ত পৰিল।
ছয়টা গ্ৰেণ্ড শ্লেম জয় কৰা ছানিয়াই ইতিমধ্যে ঘোষণা কৰিছিল যে ডুবাই প্ৰতিযোগিতা খেলাৰ পিছত টেনিছ জগতৰ পৰা তেওঁ বিদায় ল’ব ৷ যোৱা জানুৱাৰী মাহত খেলুৱৈগৰাকীয়ে জীৱনৰ শেষৰটো গ্ৰেণ্ড শ্লেম খেলিছিল। অষ্ট্ৰেলিয়ান অ’পেনত মহিলা ডাবলছত দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈছিল যদিও ৰোহন বোপান্নাৰ সৈতে মিক্সড ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা টেনিছ খেলুৱৈগৰাকীয়ে ডুবাইত অনুৰাগীৰ আশা পূৰণ কৰিব নোৱাৰিলে। প্ৰথম ছেটত তেওঁলোকৰ যুটিটোৱে অলপ যুঁজিলেও দ্বিতীয় ছেটত আশা কৰা ধৰণে যুঁজিব নোৱাৰিলে।
ছানিয়া নিঃসন্দেহে ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ টেনিছ খেলুৱৈ। ভাৰতীয় ছোৱালীয়ে যে বিশ্ব পৰ্যায়ত টেনিছ খেলিব পাৰে সেই কথা প্রমাণ কৰিছিল তেওঁ । লিয়াণ্ডাৰ পেজ, মহেশ ভূপতিৰ পিছত তেওঁ ভাৰতীয় টেনিছক আগুৱাই লৈ গৈছে। সেই যাত্ৰাৰ অন্ত পৰিল ডুবাইত।
২০০৩ চনত পেছাদাৰী টেনিছত প্ৰৱেশ কৰাৰ পিছৰে পৰা ছানিয়াই কেৱল ভাৰততে নহয় এছিয়াতো মহিলা টেনিছৰ মুখ হৈ পৰিছে। এটা সময়ত চেৰেনা উইলিয়ামছ, মাৰিয়া শ্বাৰাপোভাৰ সৈতে ছানিয়াৰ নামো উল্লেখ কৰা হৈছিল। কিন্তু বাৰে বাৰে আঘাতৰ বাবে তেওঁক উচ্চতম স্তৰৰ পৰা আঁতৰাই ৰাখিছিল। একক খেল এৰি প্ৰতিযোগিতামূলক টেনিছৰ বাবে ডাবলছ বাছি লৈছিল।
বিগত কেইবছৰমানৰ পৰা বিশ্ব টেনিছ খেলপথাৰত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি হিচাপে পৰিগণিত হৈছে ছানিয়া। ৩৬ বছৰীয়া ছানিয়াই নিজৰ ইচ্ছা আৰু চৰ্তত অৱসৰ বাছি লৈছিল। কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, একাগ্ৰতা আৰু সফলতাৰ জৰিয়তে তেওঁ সেই অধিকাৰ অৰ্জন কৰিছিল। তেওঁৰ অৱসৰ অনুৰাগীৰ বাবে মানি লোৱাটো কঠিন। দুটা দশক ধৰি যিদৰে ছানিয়াই দেশক গৌৰৱান্বিত কৰি তুলিছে ৷