টেনিছ বিশ্ব ৰেংকিঙত এক নম্বৰ স্থানত থকা এশ্লেইগ বাৰ্টিয়ে বুধবাৰে মাত্ৰ ২৫ বছৰ বয়সত অৱসৰ ঘোষণা কৰি টেনিছ বিশ্বক হতবাক কৰি পেলাইছে । বিগত ৪৪ বছৰৰ ভিতৰত অষ্ট্ৰেলিয়ান অপেনৰ প্ৰথম ঘৰুৱা চেম্পিয়ন হোৱাৰ এসপ্তাহৰ পিছত বাৰ্টিয়ে এই ঘোষণা কৰে ৷ তিনিটা গ্ৰেণ্ড শ্লেম ট্ৰফী জয় কৰি টেনিছ বিশ্বৰ ৰাজকীয় জগতখনত ভৰি দিছিল বাৰ্টিয়ে ৷ ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ কয়, “মই টেনিছৰ পৰা অৱসৰ ঘোষণা কৰাটো মোৰ বাবে কঠিন আৰু আৱেগিক ৷ টেনিছে মোক দিয়া সকলো সন্মানৰ বাবে কৃতজ্ঞ।“বাৰ্টি দুবছৰতকৈও অধিক সময় ধৰি বিশ্বৰ এক নম্বৰ স্থান দখল কৰি আছে ৷তিনিটা গ্ৰেণ্ড শ্লেম একক ভাৱে জয় কৰিছে ৷ ২০১৯ চনত ফ্ৰেঞ্চ অপেন, ২০২১ চনত উইম্বলডন আৰু চলিত বছৰ অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ লাভ কৰিছে বার্টিয়ে ৷ মহিলা টেনিছ সংস্থাই এক টুইট যোগে তেওঁৰ সফল কেৰিয়াৰৰ বাবে বার্টিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷