টি-২০ বিশ্বকাপত আমেৰিকাৰ বিৰুদ্ধে পাকিস্তানৰ দুৰ্যোগ। টি-২০ বিশ্বকাপত প্ৰথমখন মেচতে পৰাস্ত হ’ল পাকিস্তান। আমেৰিকাত অনুষ্ঠিত টি-২০ বিশ্বকাপত এয়া ডাঙৰ অঘটন হিচাপে বিবেচিত হৈছে ৷ আয়োজক আমেৰিকাই ছুপাৰ অভাৰত জয়লাভ কৰে খেলখনত। এই জয়েৰে আমেৰিকাই গ্ৰুপ এত পইণ্ট তালিকাৰ সম্পূৰ্ণ সমীকৰণ সলনি কৰাই নহয়, ভাৰতক পিছ পেলাই প্ৰথম স্থান অধিকাৰ কৰিছে।
পাকিস্তান আৰু আমেৰিকাৰ মাজৰ মেচখন বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হয়। পাকিস্তানে প্ৰথমে বেটিং কৰি ৭ উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আমেৰিকাই নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰে। মেচখন অমীমাংসিত হয়। তাৰ পিছত ছুপাৰ অভাৰ খেলাৰ সিদ্ধান্ত লোৱা হয় । আমেৰিকাই ছুপাৰ অভাৰত প্ৰথমে বেটিং কৰি ১৮ ৰান সংগ্ৰহ কৰে। পাকিস্তানে ইয়াৰ প্ৰত্যুত্তৰ ১৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আমেৰিকাই ২ পইণ্টত ছুপাৰ অভাৰত বিজয় সাব্যস্ত কৰে।
উল্লেখ্য যে আমেৰিকাৰ টি-২০ বিশ্বকাপ ২০২৪ত এয়া দ্বিতীয় জয়। এই জয়েৰে দলটোৰ পইণ্ট হৈছে ৪। এতিয়া পইণ্ট তালিকাত গ্ৰুপ এত প্ৰথম স্থানত আছে। ভাৰতীয় দলে এখন মেচত জয়েৰে ২ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থান আছে।