ৰিকি পণ্টিং আৰু এণ্ডি ফ্লাৱাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হ’ব নিবিচাৰে। প্ৰাক্তন অধিনায়ক দুজনৰ কোনো এজনেই ৰাহুল দ্ৰাবিড়ৰ উত্তৰাধিকাৰী হোৱাৰ বাবে আগ্ৰহী নহয়। যোৱা মাহত ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। টি-২০ বিশ্বকাপৰ পিছতে দ্ৰাবিড়ৰ কাৰ্যকালৰ অন্ত পৰে।
আই পি এলত দিল্লী কেপিটেলছৰ প্ৰশিক্ষক হৈছে ৰিকি পণ্টিং। তেওঁৰ দলটোৱে এইবাৰ আই পি এলত প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে। কিন্তু ভাৰতীয় দলৰ প্ৰশিক্ষক হ’লে পণ্টিঙে দিল্লীৰ দায়িত্ব ল’ব নোৱাৰিব। তেওঁ কয়, ‘ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হ’লে মই ভাল পাম। কিন্তু ঘৰত সময় কটাবলৈও মন যায়। মই যদি ভাৰতীয় দলৰ প্ৰশিক্ষক হওঁ তেন্তে সেই সময় নাপাম। ইয়াৰ বাহিৰে মই আই পি এল দলৰ প্ৰশিক্ষক হ’ব নোৱাৰিম। ভাৰতৰ প্ৰশিক্ষক হ’বলৈ এই সকলোবোৰ ত্যাগ কৰিব লাগিব। ৰাষ্ট্ৰীয় দলত থাকিব বিচাৰিলে ১০-১১ মাহ সময় কটাব লাগিব। মই নিজাববীয়াকৈ সময় কটাব বিচাৰো।”
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ প্ৰশিক্ষক এণ্ডি ফ্লাৱাৰক প্ৰশিক্ষকৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ এই প্ৰস্তাৱ গ্ৰহণ নকৰিলে ৷ আই পি এলৰ দৰে বিভিন্ন টি-২০ প্ৰতিযোগিতাত প্ৰশিক্ষক হিচাপে থাকিবলৈ পায় তেওঁ সুখী বুলি মন্তব্য কৰিছে ফ্লাৱাৰে ৷ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ আবেদন কৰাৰ অন্তিম দিন ২৭ মে’। ইয়াৰ পিছত ক্ৰিকেট উপদেষ্টা সমিতিয়ে ভাৰতৰ পৰৱৰ্তী প্ৰশিক্ষক বাছনি কৰিব। এতিয়ালৈকে কোনে আবেদন কৰিছে সেয়া জানিব পৰা হোৱা নাই।