VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলৰ আগদিনা বিমান ভাড়া তিনিগুণলৈ বৃদ্ধি, দেশৰ সকলো প্ৰান্তৰ পৰা আহমেদাবাদলৈ বৃদ্ধি কৰা হৈছে টিকটৰ মুল্য

voicedesk by voicedesk
July 27, 2023
in ক্ৰীড়া
বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলৰ আগদিনা বিমান ভাড়া তিনিগুণলৈ বৃদ্ধি, দেশৰ সকলো প্ৰান্তৰ পৰা আহমেদাবাদলৈ বৃদ্ধি কৰা হৈছে টিকটৰ মুল্য
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

১৫ অক্টোবৰত সকলো ক্ৰিকেট প্ৰেমীৰ দৃষ্টি নিৱদ্ধ হৈ থাকিব আহমেদাবাদত  ৷ যদিহে নিৰাপত্তাজনিত কাৰণত তাৰিখ সলনি নহয় তেন্তে সেইদিনা এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তান মুখামুখি হ’ব। এই হাই ভল্টেজ মেচৰ দিনটোত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকে গুজৰাটৰ আহমেদাবাদলৈ যাত্ৰা কৰিব। সেইবাবেই মেচৰ আগদিনা অৰ্থাৎ ১৪ অক্টোবৰৰ বিমান ভাড়া আন দিনৰ তুলনাত প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। ইতিমধ্যে সেইদিনাৰ বিমানৰ টিকট প্ৰায় বিক্ৰী হৈ গৈছে। দিনক দিনে বৃদ্ধি পাইছে বিমান ভাড়া।

 

যিকোনো দিনতে কলকাতাৰ পৰা আহমেদাবাদলৈ পোনপটীয়া বিমান ভাড়া প্ৰায় ৭ হাজাৰ টকা প্ৰতি যাত্ৰীৰ। কিন্তু সেই ভাড়া ১৪ অক্টোবৰত প্ৰতিজন যাত্ৰীৰ ২৩ৰ পৰা ২৭ হাজাৰ টকালৈ বৃদ্ধি পাইছে। অৰ্থাৎ ১৪ অক্টোবৰত আহমেদাবাদলৈ গ’লে যাত্ৰীসকলে আন দিনতকৈ তিনিগুণ খৰচ কৰিব লাগিব। কলকাতাৰ পৰা আহমেদাবাদলৈ দিল্লী বা মুম্বাইতকৈ বেছি সময় লাগে। গতিকে কলকাতাৰ পৰা আহমেদাবাদলৈ প্ৰত্যক্ষ বিমান ভাড়া আন দুখন চহৰতকৈ বেছি।

 

দিল্লীৰ পৰা আহমেদাবাদলৈ পোনপটীয়া বিমান যাত্ৰাত ডেৰ ঘণ্টা সময় লাগে। বিমান ভাড়া প্ৰতি যাত্ৰীৰ ৫ হাজাৰ টকাতকৈ অলপ কম। তাত ভাৰত-পাক খেলৰ আগদিনা বিমান ভাড়া প্ৰতিজন যাত্ৰীৰ ১৭ হাজাৰৰ পৰা ১৮ হাজাৰ টকাৰ ভিতৰত। অৰ্থাৎ দিল্লীৰ পৰা আহমেদাবাদলৈ বিমান ভাড়াও সেইদিনা তিনিগুণ বেছি হ’ব।

 

কলকাতা আৰু দিল্লীৰ তুলনাত মুম্বাইৰ পৰা আহমেদাবাদলৈ যাত্ৰা কৰিবলৈ কম সময় লাগে। এঘণ্টাৰ ভিতৰতে মুম্বাইৰ পৰা আহমেদাবাদত উপস্থিত হ’ব পাৰি ৷ মুম্বাইৰ পৰা আহমেদাবাদলৈ পোনপটীয়া বিমান ভাড়া প্ৰায় ৪ হাজাৰ টকা। সেই ভাড়া মেচৰ দিনটোত প্ৰতিজন যাত্ৰীৰ বাবে ১২ৰ পৰা ১৪ হাজাৰ টকা। অৰ্থাৎ সেই ভাড়া তিনিগুণ বৃদ্ধি পাইছে।

 

নৱৰাত্ৰিৰ নিৰাপত্তাজনিত কাৰণত ভাৰত-পাকিস্তানৰ খেলৰ তাৰিখ সলনি হ’ব পাৰে। নৱৰাত্ৰি গুজৰাটৰ এক গুৰুত্বপূৰ্ণ উৎসৱ।  একেৰাহে দহদিন ধৰি চলি থকা এই উৎসৱে স্থানীয় ৰাইজক ব্যস্ত কৰি ৰাখে। ফলত বিশ্বকাপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মেচ দিৱসত পৰ্যাপ্ত আৰক্ষীৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি খেলুৱৈ আৰু দৰ্শকৰ নিৰাপত্তালৈকে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভাৰতৰ বিভিন্ন নিৰাপত্তা সংস্থাই আন এটা দিনত খেলখন অনুষ্ঠিত কৰিবলৈ ব’ৰ্ডক অনুৰোধ জনাইছে।

 

ব’ৰ্ডৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘আমাৰ হাতত উপলব্ধ বিকল্পসমূহৰ বিষয়ে আলোচনা কৰা হৈছে আৰু অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব। নিৰাপত্তা সংস্থাসমূহে আমাক জনাইছে যে ভাৰত-পাকিস্তানৰ দৰে হাই প্ৰফাইল মেচত দেশ-বিদেশৰ হাজাৰ হাজাৰ অনুৰাগী আহমেদাবাদলৈ আহিব। নৱৰাত্ৰিৰ বাবে সেই সময়ত সেই মেচ আয়োজন কৰাত সমস্যা হ’ব পাৰে।”  মেচৰ নতুন দিন ঘোষণা হোৱাৰ আগদিনা বিমান ভাড়া, ইমান বৃদ্ধি হ’ব পাৰে।

 

Previous Post

জন্ম আৰু মৃত্যু পঞ্জীয়ন তথ্য ৰাজ্যৰ লগতে লাভ কৰিব কেন্দ্ৰইয়ো, ই-পঞ্জীয়ন হ’ব বাধ্যতামূলকঃসদনত নতুন সংশোধনী বিধেয়ক

Next Post

মিজোৰামৰ মুখ্যমন্ত্ৰীক মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত মাত নামাতিবলৈ আহ্বান বীৰেণ সিঙৰ

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
মিজোৰামৰ মুখ্যমন্ত্ৰীক মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত মাত নামাতিবলৈ আহ্বান বীৰেণ সিঙৰ

মিজোৰামৰ মুখ্যমন্ত্ৰীক মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত মাত নামাতিবলৈ আহ্বান বীৰেণ সিঙৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7