দিল্লী চৰকাৰে বৃহস্পতিবাৰে কমনৱেলথ গেমছ ২০২২ ৰ বিজয়ী দিব্যা কাক্ৰনক নগদ পুৰস্কাৰেৰে সন্মানীত কৰিবলৈ অস্বীকাৰ কৰিছে যিহেতু তেওঁ উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল ৷ ভাৰতীয় মল্লযোদ্ধা দিব্যা কাক্ৰানে দিল্লী চৰকাৰক কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই বুলি অভিযোগ কৰাৰ পিছত এই ঘটনা সংঘটিত হৈছে যাৰ বাবে তেওঁ উত্তৰ প্ৰদেশলৈ যাবলৈ বাধ্য হৈছে ।
আম আদমী পাৰ্টিৰ বিধায়ক সৌৰভ ভৰদ্বাজে এই সন্দৰ্ভত কয় যে খেলুৱৈগৰাকী দিল্লীত বাস কৰে আৰু তেওঁ কেৱল ২০১৬-১৭ বৰ্ষলৈকে ৰাষ্ট্ৰীয় ৰাজধানীক প্ৰতিনিধিত্ব কৰিছিল। মুখ্যমন্ত্ৰী কেজৰিৱালে তেওঁক ২০১৮ চনত সন্মান সহকাৰে মাতিছিল। তেওঁলোকে সদায়ে খেলুৱৈগৰাকীক সন্মান জনাই আহিছে ৷কিন্তু তেওঁ উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁক নগদ পুৰস্কাৰ প্ৰদান কৰিব নোৱাৰে ৷
আনহাতে এখন সংবাদমেলত দিব্যা কাক্ৰানে কয় যে তেওঁ ২০০১ চনত আৰু ২০০৬ চনত দিল্লীলৈ যায় আৰু মল্লযুদ্ধৰ অনুশীলন আৰম্ভ কৰে। যোৱা ২২ বছৰ ধৰি তেওঁ গোলকপুৰত কাম কৰি আছে। খেলুৱৈগৰাকীৰ দেউতাকে তেওঁক মল্লযুদ্ধৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সক্ষম হৈছিল। তেওঁ ল’ৰাৰ সৈতে প্ৰতিযোগিতা কৰি টকা উপাৰ্জন কৰিছিল ৷ কিন্তু দিল্লী চৰকাৰে কোনো ধৰণৰ সহায় প্ৰদান কৰা নাছিল তেওঁক। আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে তেওঁৰ পৰিয়ালে যথেষ্ট কষ্ট পাইছিল, সেয়েহে অৱশেষত তেওঁ উত্তৰ প্ৰদেশলৈ গৈছিল। ইয়াৰ আগতে তেওঁ দিল্লীৰ হৈ বহুতো পদক জিকিছিল ।
কাক্ৰনে জনাইছিল যে তেওঁ দিল্লীৰ হৈ ২০১৭ চনলৈকে ৫৮ টা পদক জিকিবলৈ সক্ষম হৈছে আৰু কেৱল মনোজ তিৱাৰীয়েহে তেওঁক ৩ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰা তেওঁ ৩,১১,০০০টকাৰ চেকৰ সৈতে ৰাণী লক্ষ্মী বাই বঁটা লাভ কৰিছে।
ইফালে, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই আপ চৰকাৰ আৰু মল্লযোদ্ধা দিব্যা কাক্ৰনৰ মাজত হোৱা মৌখিক যুঁজক খেলুৱৈ, যুৱ আৰু ত্ৰিৰংগাক অপমান বুলি অভিহিত কৰিছে।
উল্লেখনীয় যে ৬ আগষ্টত ভাৰতীয় মল্লযোদ্ধা দিব্যা কাক্ৰানে মহিলাৰ ৬৮ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পিছত আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁক অভিনন্দন জনোৱাৰ পিছত এই বাকযুদ্ধ আৰম্ভ হৈছিল।
খেলুৱৈগৰাকীয়ে দিল্লী চৰকাৰৰ প্ৰতি হতাশা ব্যক্ত কৰি কয় যে তেওঁ বছৰ ধৰি চহৰখনত বাস কৰা স্বত্বেও ৰাজ্যখনৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰা নাই।
সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰত হোৱা বাকযুদ্ধৰ পিছত কাক্ৰনে এই কথা স্পষ্ট কৰিছিল যে তেওঁ ২০১১ আৰু ২০১৭ চনৰ ভিতৰত দিল্লীক প্ৰতিনিধিত্ব কৰিছিল আৰু প্ৰমাণ হিচাপে তেওঁৰ প্ৰমাণপত্ৰৰ এখন ফটোও শ্বেয়াৰ কৰিছিল। তেওঁ লগতে কয় যে যদি তেওঁলোকে খেলুৱৈগৰাকীক বিশ্বাস নকৰে তেন্তে তেওঁ ৰাষ্ট্ৰীয় ৰাজধানীৰ বাবে জিকা তেওঁৰ ১৭ টা সোণৰ পদকৰ প্ৰমাণপত্ৰৰ আন স্ক্ৰীণশ্বটবোৰো শ্বেয়াৰ কৰিবলৈ সাজু।