আগন্তুক টি-২০ বিশ্বকাপৰ টিকট বিক্ৰী এতিয়াও আৰম্ভ হোৱা নাই। কিন্তু এতিয়াৰ পৰা আয়োজকসকলে টিকটৰ চাহিদাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাইছে ৷ ইয়াৰ মাজতে আমেৰিকাৰ আয়োজকসকলে এখন মেচৰ প্ৰতি অনুৰাগীৰ বিপুল আগ্ৰহ দেখি আচৰিত হৈ পৰিছে ৷
টি-২০ বিশ্বকাপত ক্ৰিকেটপ্ৰেমীৰ আগ্ৰহ ভাৰত-পাকিস্তানৰ মেচক লৈ। অহা ৯ জুনত অনুষ্ঠিত হ’বলগীয়া এই খেলখনৰ টিকটৰ চাহিদা চম্ভালিব পৰা নাই আয়োজকসকলে। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ দাবী, ষ্টেডিয়ামত দৰ্শকৰ আসনৰ সংখ্যাৰ ২০০ গুণতকৈও অধিক টিকটৰ চাহিদা! ক্ৰিকেটৰ জনপ্ৰিয়তা দেখি আচৰিত হৈছিল আমেৰিকাৰ আয়োজকসকল।
ভাৰত-পাকিস্তানৰ খেলখনৰ বাবে নিৰ্মাণ কৰা হৈছে নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম। এই অস্থায়ী ষ্টেডিয়ামত ৩৪ হাজাৰ দৰ্শকৰ আসন আছে ৷ আমেৰিকাৰ বিশ্বকাপ আয়োজক সমিতিৰ মুখ্য কাৰ্যবাহী ব্ৰেট জ’নে কয় – টিকটৰ চাহিদা অবিশ্বাস্য। আমি এতিয়াৰ পৰা বিপুল চাহিদা দেখিবলৈ পাইছো। যিকোনো বিশ্বকাপতে ভাৰত-পাকিস্তানৰ খেলত অতিৰিক্ত উৎসাহ আৰু আকৰ্ষণ থাকে। এই দুখন দেশ এইবাৰ ইয়াত খেলিবলৈ আহিছে। এয়া আমাৰ ডাঙৰ কৃতিত্ব।
ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই যৌথভাৱে আয়োজন কৰিব টি-২০ বিশ্বকাপ। এই প্ৰতিযোগিতাৰ ১৬খন মেচ আমেৰিকাত অনুষ্ঠিত হ’ব। প্ৰথমবাৰলৈ আমেৰিকাত এনে বৃহৎ পৰিসৰৰ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সেই দেশত ভাৰত আৰু পাকিস্তানৰ বহু লোক বাস কৰে। খেলপথাৰত ৰোহিত শৰ্মা, বিৰাট কোহলী, বাবৰ আজমৰ খেল চাবলৈ সুযোগ নাপায়। স্বাভাৱিকতে টি-২০ বিশ্বকাপৰ এই খেলখনক কেন্দ্ৰ কৰি যথেষ্ট উত্তেজনা দেখা যায়।
আয়োজকসকলে জানে যে ষ্টেডিয়ামৰ ক্ষমতা আৰু টিকটৰ চাহিদাৰ মাজত থকা বৃহৎ ব্যৱধান পূৰণ কৰাটো সম্ভৱ নহয়। অৱশ্যে তেওঁলোকে যিমান পাৰে সিমান মানুহক খেল চোৱাৰ সুযোগ দিব বিচাৰে। বিশ্বকাপৰ চাৰি বছৰৰ পাছত ২০২৮ চনত লছ এঞ্জেলছ অলিম্পিকতো টি-২০ ক্ৰিকেট অনুষ্ঠিত হোৱাৰ কথা। ২০৩২ চনত ব্রিজবেন অলিম্পিকতো অনুষ্ঠিত হ’ব ক্ৰিকেট। আমেৰিকাৰ ক্ৰিকেট বছসকলে আশা কৰিছে যে বিশ্ব টি-২০ৰ সফলতাই ক্ৰিকেটৰ অলিম্পিকত অন্তৰ্ভুক্তি অধিক যুক্তিসংগত কৰি তুলিব। ২০২৮ চনৰ লছ এঞ্জেলছ বিশ্বকাপৰ পূৰ্বে বিশ্বকাপৰ এক সুন্দৰ সুযোগ বুলি জ’নে কয়। বিশ্বকাপে অলিম্পিকৰ মঞ্চ তৈয়াৰ কৰিব পাৰে। ক্ৰিকেটত একেৰাহে দুখনকৈ অলিম্পিক অনুষ্ঠিত হোৱাটো নিশ্চিত।