ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে ৬৯ ৰানৰ ইনিংছ খেলি ব’ৰ্ডক এক প্ৰকাৰৰ উত্তৰ দিলে ঈশান কিষানে। তেওঁ কেৱল বেটেৰেই নহয়, মুখেৰেও উত্তৰ দিলে। ঘৰুৱা ক্ৰিকেট খেলিব নোৱাৰাৰ কাৰণো ঝাৰখণ্ডৰ উইকেট ৰক্ষকজনে প্ৰকাশ কৰিছে ।
উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ মাজতে ঈশানে দল এৰি থৈ আহে। মানসিক সমস্যাৰ বাবে তেওঁ দল এৰে ৷ সেই ঘটনাৰ পিছত ঈশানক ব’র্ডে পুনৰ কোনো ছিৰিজত অন্তভুর্ক্ত কৰা নাই । ব’ৰ্ডে তেওঁক ঘৰুৱা ক্ৰিকেট খেলিবলৈ কৈছিল । কিন্তু ঈশানে সেই কথা নুশুনিলে। ইয়াৰ পৰিৱর্তে ৰঞ্জি নেখেলাকৈ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ সৈতে অনুশীলন কৰে ৷ সেই প্ৰসংগত ঈশানে কয়, “মই অনুশীলন কৰি আছিলো। মই যেতিয়া খেলা নাছিলো তেতিয়া বহুতে সমালোচনা কৰিছিল ৷ ছচিয়েল মিডিয়াত বহু কথা লিখা হৈছিল। কিন্তু এইটোও বুজিব লাগে যে সকলো ক্ৰিকেটাৰৰ হাতত নহয়।”
ঈশানক দলৰ পৰা বাদ দিয়াৰ পিছত ব’ৰ্ডেও তেওঁক বাৰ্ষিক চুক্তিৰ পৰা বাদ দিয়ে। এই সকলোবোৰৰ মাজতে ঈশানে নিজৰ খেল সলনি কৰিলে। তেওঁ কয়, ‘সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগিব। মোৰ চিন্তাধাৰা এতিয়া সলনি হৈছে। আগতে মই প্ৰথম দুটা অভাৰত প্ৰতিটো বল মাৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু সময়ৰ লগে লগে মই বুজিলোঁ যে ২০ অভাৰো বহুত ডাঙৰ। সময়ৰ লগে লগে টি-২০ ক্ৰিকেট খেলিব পাৰি। আৰম্ভণিতে আমি মেচখনত পৰাস্ত হৈছিলো, কিন্তু আমি ভাঙি যোৱা নাছিলো। বহু মানুহৰ লগত জিৰণিৰ বিষয়ে কথা পাতিছো। “