এদিনীয়া বিশ্বকাপলৈ দুমাহৰ অলপ বেছি সময় বাকী। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ৬৪ দিন পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ বা আইচিচিয়ে এখন নতুন পোষ্টাৰ প্ৰকাশ কৰে। ৱান ডে বিশ্বকাপ ট্ৰফী থকা পোষ্টাৰত অংশগ্ৰহণকাৰী দলসমূহৰ সাম্ভাৱ্য অধিনায়কসকলক দেখুওৱা হৈছে।
এতিয়ালৈকে কোনো দেশেই এদিনীয়া বিশ্বকাপৰ চূড়ান্ত দল ঘোষণা কৰা নাই। দল ঘোষণা কৰাৰ সময়ো হোৱা নাই । কিন্তু বিশ্বকাপত অংশগ্ৰহণ কৰা দলসমূহক কোনে নেতৃত্ব দিব পাৰে তাৰ আভাস মঙলবাৰে নতুন পোষ্টাৰত প্ৰকাশ পাইছে ।পোষ্টাৰখনত ৰোহিত শৰ্মাক ভাৰতীয় দলৰ অধিনায়ক হিচাপে দেখুওৱা হৈছে। পাকিস্তানৰ অধিনায়ক হিচাপে দেখা গৈছে বাবৰ আজমক। কিন্তু ট্ৰফীৰ পৰা তেওঁলোক অলপ দূৰত ৰখা হৈছে । বিশ্বকাপৰ ট্ৰফীৰ দুয়োফালে আছে অষ্ট্ৰেলিয়াৰ পেট কামিন্স আৰু ইংলেণ্ডৰ জোছ বাটলাৰ। অষ্ট্ৰেলিয়াই সৰ্বাধিক ৫ বাৰ বিশ্বকাপ জয় কৰিছে। আৰু ইংলেণ্ড শেষ চেম্পিয়ন। হয়তো সেইবাবেই কামিন্স আৰু বাটলাৰক ট্ৰফীৰ দুয়োফালে স্থান দিয়া হৈছে ৷ কামিন্সৰ কাষত ৰোহিত আৰু বাটলাৰৰ কাষত আছে বাবৰৰ ছবি । টেম্বা বাভুমা দক্ষিণ আফ্ৰিকাৰ অধিনায়ক। বাংলাদেশৰ সম্ভাৱ্য অধিনায়ক হিচাপে আই চি চিৰ পোষ্টাৰত স্থান লাভ কৰিছে তামিম ইকবালে। যদিও কিছুদিন আগতে বিৰতি লৈ উভতি আহিছিল তেওঁ । বৰ্তমান তেওঁ জিৰণি লৈ আছে। তামিমে এদিনীয়া বিশ্বকাপ খেলিলেও তেওঁৰ নেতৃত্বৰ নিশ্চয়তা নাই। আফগানিস্তানৰ হাছমাতুল্লাহ শ্বাহিদী, শ্ৰীলংকাৰ দছুন ছানাকা, নিউজিলেণ্ডৰ টম লেথাম, জিম্বাবুৱেৰ ক্ৰেগ ইভান্সক আইচিচিৰ পোষ্টাৰত দেখা গৈছে।
৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল। এই দুয়োখন খেল আহমেদাবাদত অনুষ্ঠিত হ’ব। প্ৰথমখন মেচত শেষৰ দুই ফাইনেলিষ্ট ইংলেণ্ড আৰু নিউজিলেণ্ড মুখামুখি হ’ব। আহমেদাবাদতো ভাৰত-পাকিস্তানৰ খেল অনুষ্ঠিত হোৱাৰ কথা। ১৫ অক্টোবৰৰ মেচৰ তাৰিখ সলনি হোৱাৰ সম্ভাৱনা আছে। আইচিচি বিশ্বকাপৰ সূচীক লৈ আপত্তি কৰিছে তিনিখন দেশৰ ক্ৰিকেট ব’ৰ্ডে। গতিকে কিছুমান মেচৰ দিন সলনি হোৱাৰ সম্ভাৱনা আছে।