বুধবাৰে ৰাজস্থানৰ বিৰুদ্ধে গুজৰাটৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল শুভমন গিলে। তেওঁ ৪৪টা বলত ৭২ ৰান সংগ্ৰহ কৰি গুজৰাটক জয়লাভ কৰাত সহায় কৰে। সেই ইনিংছৰ সহায়ত শুভমনে কেইবাটাও নজিৰ ভংগ কৰিলে। ইয়াৰ ভিতৰত গুজৰাটৰ অধিনায়কগৰাকীয়ে কোহলীৰ অভিলেখ ভংগ কৰি আই পি এলত ইতিহাস সৃষ্টি কৰে ৷
আই পি এলত ৩০০০ ৰান সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে কোহলীৰ অভিলেখ ভংগ কৰিলে শুভমনে। ২৪ বছৰ ২১৫ দিন বয়সত তেওঁ এই নজিৰ গঢ়ে ৷আনহাতে ২৬ বছৰ ১৮৬ দিন বয়সত কোহলীয়ে এই নজিৰ গঢ়ি তুলিছিল। এতিয়ালৈকে সেইটোৱেই আছিল আটাইতকৈ কম বয়সত ৩০০০ ৰানৰ নজিৰ। সেই নজিৰ শভমনে ভংগ কৰে ৷
কেৱল সেয়াই নহয়, নূন্যতম ইনিংছত ৩০০০ ৰান সংগ্ৰহৰ ক্ষেত্ৰতো শুভমনে তিনি নম্বৰ স্থান দখল কৰিছে। ভাৰতীয়ৰ ভিতৰত তেওঁ দ্বিতীয় স্থানত আছে। আই পি এলৰ আটাইতকৈ চুটি ইনিংছত প্ৰথমে ৩০০০ ৰান সংগ্ৰহ কৰিছে ক্ৰীছ গেইলে। আই পি এলৰ একাধিক দলত খেলা ৱেষ্ট ইণ্ডিজৰ বেটছমেনগৰাকীয়ে মাত্ৰ ৭৫ ইনিংছতে এই নজিৰ গঢ়ি তুলিছিল। ইয়াৰ পিছতে আছে কে এল ৰাহুল ৮০ টা ইনিংছতে এই নজিৰ গঢ়িছে । শুভমন জোছ বাটলাৰ, ফাফ ডু প্লেছিছৰ সৈতে যৌথভাৱে তৃতীয় স্থানত আছে। প্ৰত্যেকেই ৯৪টা ইনিংছত এই অভিলেখ গঢ়িছে ।
মুঠতে টি-২০ ফৰ্মেটত শুভমনে ৪০০০ৰো অধিক ৰান সংগ্ৰহ কৰে। আই পি এলত ৩০০০ ৰানৰ ভিতৰত তেওঁ গুজৰাটৰ হৈ ১৫০০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে তেওঁ দুটা ছিজন খেলিছে। এইটো তৃতীয় ছিজন। এইবাৰ তেওঁ অধিনায়ক।