ইংলেণ্ডে চলিত টি-২০ বিশ্বকাপৰ আৰম্ভণিত ভাল প্ৰদর্শন কৰিব পৰা নাছিল। গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈ যোৱাৰ পৰিস্থিতি সৃষ্টি হৈছিল প্ৰাক্তন বিশ্বকাপ বিজয়ী দল। অৱশ্যে ইংলেণ্ডে ছুপাৰ ৮ত প্ৰৱেশ কৰি ছন্দ ওভতাই পাইছে । ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত কৰে ইংলেণ্ডে। প্ৰথমে বেটিং কৰি কেৰিবিয়ানে ১৮০ ৰান সংগ্ৰহ কৰে। ১৫টা বল বাকী থকা অৱস্থাত ইংলেণ্ডে জয়লাভ কৰে ৷
বৰষুণৰ বাবে পৰিত্যক্ত হয় স্কটলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলখন। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ড পৰাজয়। ইয়াৰ পিছৰ দুখন মেচত জোছ বাটলাৰ্ছে ওমান আৰু নামিবিয়াক পৰাস্ত কৰি ছুপাৰ ৮ত স্থান নিশ্চিত কৰে। ছুপাৰ ৮ত প্ৰৱেশ কৰাৰ পিছত ইংলেণ্ডক পুনৰ ভয়ংকৰ কৰি তুলিছে ফিল ছল্ট। যোৱা মাহত তেওঁৰ দল কলকাতা নাইট ৰাইডাৰ্ছে আই পি এলত জয়লাভ কৰিছিল। সেই দলটোৰ বাবে ছল্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ইংৰাজ অধিনায়ক বাটলাৰে টছত জয়লাভ কৰি ৱেষ্ট ইণ্ডিজক বেটিং কৰিবলৈ দিয়ে। ব্ৰেণ্ডন কিঙে (১৩ বলত ২৩ ৰান) পঞ্চম অভাৰত আঘাতপ্ৰাপ্ত হৈ খেলপথাৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে ৪০ ৰান সংগ্ৰহ কৰে। আনজন অ’পেনাৰ জনছন চাৰ্লছে ৩৪টা বলত ৩৮ ৰান সংগ্ৰহ কৰে। নিকোলাছ পুৰানে ৩৬ ৰান আৰু ৰাভমেন পাৱেলে ৩৬ ৰান সংগ্ৰহ কৰে। শেষ মুহূৰ্তত ১৫ বলৰ ২৮ ৰানৰ ইনিংছ খেলি দলটোক ১৮০ ৰানলৈ লৈ যায় শ্বাৰফেন ৰাদাৰফোৰ্ডে। আন্দ্ৰে ৰাছেল (১) আউট নোহোৱাকৈ থাকে ৷
১৮১ ৰানৰ লক্ষ্যৰে বেটিং আৰম্ভ কৰে ছল্টে। তেওঁৰ সংগী বাটলাৰে ২২টা বলত ২৫ ৰান সংগ্ৰহ কৰে। ম’ইন আলীয়ে ১০টা বলত ১৩ ৰান সংগ্ৰহ কৰে। বাকীখিনি ৰাণ সংগ্ৰহ কৰে ছল্ট আৰু জনী বেয়াৰষ্ট’ৱে। তেওঁলোকে ৯৭ ৰান সংগ্ৰহ কৰিছিল। বেয়াৰষ্টোৱে ২৬টা বলত ৪৮ ৰান সংগ্ৰহ কৰে। ৮৭ ৰানত অপৰাজিত হৈ থাকে ছল্ট।
এই গ্ৰুপৰ আনখন খেলত দক্ষিণ আফ্ৰিকাই আমেৰিকাক পৰাস্ত কৰে। নেট ৰান ৰেটত ইংলেণ্ড আগবাঢ়ি আছে। তেওঁলোকৰ পৰৱৰ্তী মেচ হ’ব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। সেই মেচখন শুকুৰবাৰে অনুষ্ঠিত হ’ব। শনিবাৰে পুৱা অনুষ্ঠিত হ’ব আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ খেল।