অলিম্পিকত পুৰুষৰ ১০০ মিটাৰ দৌৰত নোৱাহ লাইলছে সোণৰ পদক লাভ কৰে। ইয়াৰ লগে লগে তেওঁ হৈ পৰিল পৃথিৱীৰ আটাইতকৈ বেগী মানুহ। তেওঁ লোৱা সময়ৰ পৰিমান ৯.৭৯ ছেকেণ্ড। পেৰিছৰ ষ্টেড ডি ফ্ৰান্সত দেওবাৰে দেখা গ’ল বিশ্বৰ সৰ্বাধিক দ্ৰুততম ব্যক্তি। বহুতে মনত পেলাব পৰা নাই যে শেষবাৰৰ বাবে এনে দৌৰ কেতিয়া দেখা গৈছিল। দ্বিতীয় স্থান দখল কৰিছে আন এজন প্ৰতিদ্বন্দ্বী কিছানে থমছনে। তেওঁৰ সময় আছিল ৯.৭৯ ছেকেণ্ড। আমেৰিকাৰ ফ্ৰেড কাৰ্লিয়ে ৯.৮১ ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
২০০৮ চনৰ পৰা ২০১৬ চনলৈকে অলিম্পিকত জামাইকাই আধিপত্য বিস্তাৰ কৰিছিল। উছেইন ব’ল্ট আছিল দৌৰৰ সম্ৰাট । অলিম্পিকত একেৰাহে তিনিবাৰকৈ সোণৰ পদক লাভ কৰে তেওঁ । টকিঅ’ অলিম্পিকৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল ব’ল্টে। জামাইকাৰ কোনো প্ৰতিযোগীয়ে শীৰ্ষ তিনিটাৰ ভিতৰত স্থান লাভ কৰা নাছিল। কিন্তু পেৰিছ অলিম্পিকৰ পূর্বে কিছানেৰ ওপৰত আশাৰ সঞ্চাৰ হৈছিল৷ বছৰৰ সৰ্বোত্তম সময় তেওঁৰ আছিল।
দীঘলীয়া দিনৰ অন্তত ১০০ মিটাৰ দৌৰত আমেৰিকাই সোণৰ পদক লাভ কৰে। জাষ্টিন গেটলিনে শেষবাৰৰ বাবে ২০০৪ চনত সোণৰ পদক লাভ কৰিছিল। ১৮৯৬ চনত অলিম্পিক আৰম্ভ হোৱাৰ পিছত আমেৰিকাই প্ৰথমবাৰৰ বাবে তিনিবাৰকৈ সোণৰ পদক লাভ কৰিছিল। আমেৰিকাই ১০০ মিটাৰত ১৬টা সোণৰ পদক লাভ কৰিছে। পৃথিৱীৰ আন কোনো দেশৰ এই শক্তি নাই। নোৱাহে সেই শক্তি পুনৰ ঘূৰাই দিলে।
যিকোনো অলিম্পিকতে পুৰুষৰ ১০০ মিটাৰ দৌৰ অতি আগ্ৰহৰ বিষয়। পেৰিছও ইয়াৰ ব্যতিক্ৰম নহয়। দিনটোৰ বাকী এথলেটিকছ প্ৰতিযোগিতা ইতিমধ্যে শেষ হৈ গৈছিল। এই অনুষ্ঠানৰ পূৰ্বে ষ্টেডিয়ামৰ সকলো লাইট বন্ধ কৰি লেজাৰ শ্ব”প্ৰদর্শন কৰা হয় ৷