দেওবাৰে মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব চলিত বর্ষৰ টি ২০ বিশ্বকাপৰ ফাইনেল মেচ ৷ পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ এই ফাইনেল মেচখন । ছেমি ফাইনেলত পাকিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে জোছ বাটলাৰ নেতৃত্বাধীন ইংলেণ্ডে ভাৰতক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অৱশ্যে ফাইনেলৰ মেচৰ দিনটোত অষ্তৰেলিয়াত বৰষুণ হোৱাৰ আগজাননী প্ৰকাশ কৰিছে দেশখনৰ বতৰ বিজ্ঞান বিভাগে ৷ আনহাতে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ফাইনেল খেলৰ খেলৰ চৰ্তত কিছু সালসলনিৰ কথা ঘোষণা কৰে।
সেই অনুসৰি ইভেণ্ট টেকনিকেল কমিটিয়ে (ইটিচি) সংৰক্ষিত দিনটোত অতিৰিক্ত খেলাৰ সময়ৰ ব্যৱস্থা দুঘণ্টাৰ মূল ব্যৱস্থাৰ পৰা চাৰি ঘণ্টালৈ বৃদ্ধি কৰিছে (প্লেয়িং কণ্ডিচনৰ দফা ১৩.৭.৩) ৷ যদিহে মেচখন সম্পূৰ্ণ কৰিবলৈ আৰু ফলাফলৰ বাবে অধিক সময়ৰ প্ৰয়োজন হয় তেনেহ’লে এই নিয়ম প্ৰযোজ্য হ’ব ৷
দেওবাৰে খেলখন সমাপ্ত কৰিবলৈ ৩০ মিনিটৰ অতিৰিক্ত সময় থকাৰ বিপৰীতে সোমবাৰে অতিৰিক্ত চাৰি ঘণ্টাৰ অতিৰিক্ত সময়ৰ ব্যৱস্থা আছে।তদুপৰি মেচৰ শেষত স্ক’ৰ টাই হ’লে ছুপাৰ অভাৰ খেলা হ’ব আৰু যদি বতৰে বাধা দিয়ে আৰু ছুপাৰ অভাৰ সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে পাকিস্তান আৰু ইংলেণ্ডক যৌথ বিজয়ী ঘোষণা কৰা হ’ব।