টি-২০ বিশ্বকাপ জয়ৰ পিছত বাৰ্বাডোছত আবদ্ধ হৈ আছে ভাৰতীয় দল। ঘূৰ্ণীবতাহৰ বাবে সেই দেশতে আবদ্ধ হৈ আছে ৰোহিত শৰ্মা, বিৰাট কোহলী। বাৰ্বাডোছৰ আৰম্ভ হৈছে ঘূৰ্ণীবতাহ বেৰিল। ইফালে, ভাৰতীয় দলটোৱে বুধবাৰে পুৱা (ভাৰতীয় সময় মতে) দেশলৈ ৰাওনা হ’ব পাৰে। নিশা দিল্লীত অৱতৰণ কৰিব পাৰে ৰোহিতবাহিনী।
যোৱা শনিবাৰে ভাৰতে টি-২০ বিশ্বকাপত জয়লাভ কৰে। তেতিয়াৰ পৰাই ৱেষ্ট ইণ্ডিজত ৰোহিতবাহিনী আবদ্ধ হৈ আছে। তাত থকা সাংবাদিকৰ সূত্ৰ অনুসৰি সেই দেশৰ সময় অনুসৰি মঙলবাৰে সন্ধিয়া ৬ বজাত ভাৰতলৈ ৰাওনা হ’ব দলটো। ভাৰতীয় সময় অনুসৰি বুধবাৰে নিশা ভাৰতীয় দলটোৱে দিল্লীত অৱতৰণ কৰাৰ সম্ভাৱনা আছে ৷ প্ৰকাশিত তথ্য অনুসৰি বাৰ্বাডোছৰ পৰা বিচিচিআইয়ে বিশেষ বিমানৰ ব্যৱস্থা কৰিছে।
বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মিয়া মটলীয়ে কয় যে আগন্তুক ১২ ঘণ্টাৰ ভিতৰত বিমানবন্দৰটো মুকলি কৰা সম্ভৱ হ’ব। সংবাদ সংস্থা পিটিআইক তেওঁ কয়, ‘আশাকৰোঁ দুপৰীয়াৰ ভিতৰত বিমানবন্দৰটো কাৰ্যক্ষম হ’ব। কিন্তু এই বিষয়ে মই আগতীয়াকৈ একো ক’ব নিবিচাৰো। বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আহিছো। তেওঁলোকৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত আছে।”
সোমবাৰে প্ৰকাশ পাইছিল যে ক্ৰমান্বয়ে বেৰিল ঘূৰ্ণীবতাহৰ শক্তি বাঢ়িছে। ই হৈ পৰিছে ‘অত্যন্ত বিপজ্জনক কেটেগৰী ৪’ ঘূৰ্ণীবতাহ। ঘূৰ্ণীবতাহৰ বাবে বন্ধ বাৰ্বাডোছ বিমানবন্দৰ মঙলবাৰে নিশা বা বুধবাৰে পুৱা পুনৰ বিমান সেৱা আৰম্ভ হ’ব পাৰে বুলি খবৰ ওলাইছে।
ৱেষ্ট ইণ্ডিজৰ দ্বীপ ৰাজ্যসমূহত প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছে। হোটেলত আবদ্ধ হৈ আছে ৰোহিত, কোহলীসহ অন্যান্য খেলুৱৈ। ব’ৰ্ডৰ এক সূত্ৰই জনোৱা মতে, ঘূৰ্ণীবতাহৰ বাবে হোটেলখনত সকলো জৰুৰীকালীন সেৱা উপলব্ধ নহয়। ঘূৰ্ণীবতাহৰ শক্তি বৃদ্ধি পোৱাৰ লগে লগে দলটোৱে বাৰ্বাডোছৰ পৰা কেতিয়া ওলাই আহিব পাৰিব সেয়া স্পষ্ট হোৱা নাই। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে। ক্ৰিকেটাৰ আৰু তেওঁলোকৰ পৰিয়ালক কেনেদৰে নিৰাপদে ঘৰলৈ ঘূৰাই পঠিয়াব পাৰি তাৰ ওপৰত চকু ৰাখিছে ব’ৰ্ডে।