বিশ্বকাপৰ পাছতো ভাৰতীয় ক্ৰিকেটাৰসকলে জিৰণি লাভ নকৰিব । ইতিমধ্যে ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাবে ব্যস্ততাপূৰ্ণ সূচী প্ৰস্তুত কৰিছে। সূচী অনুসৰি বিশ্বকাপৰ ফাইনেলৰ চাৰিদিন পিছত ভাৰতীয় দলটোৱে খেলপথাৰলৈ উভতি আহিব।
দেওবাৰে বিশ্বকাপৰ ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মুখামুখি হয়। বিশ্বকাপৰ সকলো দল ঘৰলৈ উভতি গৈছে যদিও চেম্পিয়ন দল এতিয়াও ঘৰলৈ উভতি যোৱা নাই । ভাৰতৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা খেলিব অষ্ট্ৰেলিয়াই। অহা ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ ২০ অভাৰৰ শৃংখলা। এই শৃংখলাৰ অন্ত পৰাৰ পাছত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব। দুখন টেষ্টকে ধৰি তিনিখন এদিনীয়া আৰু টি-২০ মেচ খেলিব ভাৰতে । ১০ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ চলিব এই দ্বিপাক্ষিক শৃংখলা।
দক্ষিণ আফ্ৰিকাৰ পৰা ঘৰলৈ উভতি আহিও জিৰণি নাপাব জাতীয় দলৰ ক্ৰিকেটাৰসকলে। আফগানিস্তানৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। ২০২৪ চনৰ ১৭ জানুৱাৰীত শেষ হ’ব ভাৰত-আফগানিস্তানৰ শৃংখলা। ইয়াৰ পিছত ভাৰতলৈ আহিব বেন ষ্টোকছ। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা ৷২০২৪ চনৰ ২৫ জানুৱাৰীৰ পৰা ১১ মাৰ্চলৈ অনুষ্ঠিত হ’ব টেষ্ট । দুয়োটা দলে পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিব। অৰ্থাৎ অহা চাৰিমাহলৈ ভাৰতীয় ক্ৰিকেটাৰসকলে জিৰণি লোৱাৰ কোনো সম্ভাৱনা নাই।
আন্তঃৰাষ্ট্ৰীয় সূচী শেষ হোৱাৰ পিছত অনুষ্ঠিত হ’ব আই পি এল। অনুমান কৰা হৈছে যে ২০২৪ চনৰ আই পি এল মাৰ্চ মাহৰ তৃতীয় বা চতুৰ্থ সপ্তাহৰ পৰা আৰম্ভ হ’ব। বিচিচিআইৰ ২০ অভাৰ ফ্ৰেঞ্চাইজি লীগ দুমাহৰ বাবে চলি থাকিব। মুঠতে অহা ছমাহৰ বাবে ৰোহিত, কোহলীৰ ব্যস্ততা অব্যাহত থাকিব ।