বীৰেন্দ্ৰ সেহৱাগক ভাৰতীয় ক্ৰকেট দলৰ নিৰ্বাচক হোৱাৰ প্ৰস্তাৱ দিয়া বুলি ওলোৱা খবৰ নাকচ কৰিছে ক্ৰিকেটাৰজনে । সেহৱাগে নিজেই অৱশ্যে কয় যে তেওঁক কোনো ধৰণৰ প্ৰস্তাৱ দিয়া হোৱা নাছিল।
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এক অধিসূচনা জাৰি কৰি নিৰ্বাচক হ’বলৈ আবেদন বিচাৰিছে। তাৰ আগতেই এই প্ৰস্তাৱ সেহৱাগক দিয়া হৈছিল। কিন্তু তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ কোনো প্ৰস্তাৱ পোৱা নাই।
চেতন শৰ্মাই মুখ্য নিৰ্বাচক পদৰ পৰা পদত্যাগ কৰাৰ পিছত সেই পদটো এতিয়াও খালী হৈ আছে। বিচিচিআইয়ে জনোৱা মতে, উত্তৰ অঞ্চলৰ পৰা নিৰ্বাচকসকলক লোৱা হ’ব। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চেতনে পদত্যাগ কৰিছিল। মিডিয়া ষ্টিং অপাৰেচনৰ সন্মুখত তেওঁ মুখ খুলিছিল । তাত চেতনে বিভিন্ন ক্ৰিকেটাৰৰ কথা প্ৰকাশ কৰিছিল । যিটো বিষয় ব’ৰ্ডে ভালদৰে গ্ৰহণ কৰা নাছিল। তেতিয়াৰ পৰাই শিৱসুন্দৰ দাস, এছ সাৰথ, সুব্ৰত বেনাৰ্জী আৰু সলিল অংকোলাই দল নিৰ্বাচনৰ কাম চম্ভালি আহিছে। শিৱসুন্দৰে অস্থায়ীভাৱে মুখ্য নিৰ্বাচকৰ দায়িত্ব চম্ভালি আছে।
ব’ৰ্ডৰ মতে, ভাৰতৰ হৈ কমেও ৭খন টেষ্ট বা ১০খন এদিনীয়া মেচ বা কমেও ৩০খন প্ৰথম শ্ৰেণীৰ খেল খেলা প্ৰাক্তন ক্ৰিকেটাৰসকলে আবেদন কৰিব পাৰিব এই পদৰ বাবে । সেই ক্ৰিকেটাৰসকলে কমেও পাঁচ বছৰ আগতে অৱসৰ লোৱা হ’ব লাগিব ৷ সেই নিয়ম অনুসৰি চেতনেও পুনৰ আৱেদন কৰিব পাৰে। ৩০ জুন তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব ৷
উত্তৰ অঞ্চলত হৰভজন সিং, যুৱৰাজ সিং, গৌতম গম্ভীৰৰ দৰে ক্ৰিকেটাৰ আছে। কিন্তু তেওঁলোকৰ অৱসৰৰ পাঁচ বছৰ হোৱা নাই। যাৰ বাবে সেহৱাগ যোগ্য হিচাপে বিবেচিত হৈছে ৷ কাৰণ, যদি তেওঁ মুখ্য নিৰ্বাচক হয় তেন্তে ব’ৰ্ডে বছৰত এক কোটি টকা দিব। কিন্তু বিভিন্ন সম্প্ৰচাৰ সংস্থাত বিশেষজ্ঞ হিচাপে কাম কৰা সেহৱাগে সেই সকলোবোৰ এৰি সেই ধনৰ বাবে নিৰ্বাচক হ’ব নিবিচাৰিব।
বিবেক ৰাজদান, অজয় ৰাতৰা, ৰিটিন্দৰ সিং সোধি আৰু অতুল ৱাছানৰ নাম উচ্চাৰিত হৈছে ৷ অৱশ্যে তেওঁলোকে আবেদন কৰিব নে নকৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।