২০০১ চনত জনপ্ৰিয় অনুষ্ঠান কৌন বনেগা কড়োৰপতিৰ এটা খণ্ডত ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰক এক বিশেষ অতিথি ৰূপে দেখা পোৱা গৈছিল। সেই সময়ত গুজৰাটত হোৱা ভূমিকম্পত লোকচানৰ সন্মুখিন হোৱা লোকসকলক সমৰ্থন কৰি খেলিছিল এই গৰাকী ক্ৰিকেটাৰে। উল্লেখ্য যে শচীনৰ লগত সেই অনুষ্ঠানত উপস্থিত আছিল প্ৰাক্তন ক্ৰিকেটাৰ আৰু তেঁওৰ শৈশৱৰ বন্ধু বিনোদ কাম্বলি।
শচীন আৰু কাম্বলিৰ মাজত হোৱা কাজিয়াৰ কথা সৰ্বজন বিদিত। অনুষ্ঠানটিত শচীনে তেঁও আৰু কাম্বলিৰ পুৰণি দিনৰ কথা উল্লেখ কৰিছিল।
উল্লেখ্য যে অনুষ্ঠানটোত অমিতাভ বচ্চনে শচীনক সৰুকালত টেনিছ খেলুৱৈ জন মেকইনৰ’ই ৰ প্ৰতি থকা আকৰ্ষণৰ কথা শুধিছিল। তেতিয়া শচীনে কৈছিল যে প্ৰায় সাত – আঠ বছৰ বয়সত তেঁও নিজৰ চুলিৰ কাট টেনিছ খেলুৱৈ গৰাকীৰ দৰে কৰি লৈছিল। তেঁও যেতিয়াই ক’ৰবালৈ ওলাই গৈছিল তেতিয়াই হাতত এখন টেনিছ ৰেকেট , মূৰত বেণ্ড মাৰি গৈছিল। কাৰণ মানুহে তেঁওক জন বুলি মতাটো তেঁও বিচাৰিছিল।
শচীনে আৰু কৈছিল যে তেঁও জনৰ প্ৰতি বেছিকৈ প্ৰভাৱিত আছিল কাৰণ তেঁওৰ স্বভাৱ বিনোদ কাম্বলিৰ দৰে অলপ উগ্ৰ আছিল। এই কথা শুনি অমিতাভ বচ্চনে আচৰিত হৈ প্ৰশ্ন কৰিছিল যে কাম্বলি উগ্ৰ নেকি । সেই প্ৰশ্নৰ উত্তৰত শচীনে কৈছিল যে যেতিয়াই কাম্বলি খেলত আউট হয় , তেতিয়া ড্ৰেছিং ৰূমত থকা অন্য খেলুৱৈসকল সজাগ হৈ পৰে আৰু কয় যে কাম্বলি আহি আছে, তেঁওৰ কাৰণে ৰূম খালী ৰাখিব লাগে।
উল্লেখ্য যে এক অনুষ্ঠানত কাম্বলিয়ে আৰু শচীনৰ ওপৰত আৰোপ লগাইছিল যে তেঁও নিজ বন্ধুক ক্ৰিকেটৰ ক্ষেত্ৰখনত কেতিয়াও পৰ্যাপ্ত সমৰ্থন নকৰিলে। এই কাৰণে দুইজন ক্ৰিকেটাৰৰ মাজত মনোমালিন্যও হৈছিল।