টি-২০ বিশ্বকাপৰ ছুপাৰ এইটৰ প্ৰথমখন মেচত ভাৰতে আফগানিস্তানক সহজে পৰাস্ত কৰে। দ্বিতীয়খন খেলত শনিবাৰে এছিয়াৰ আন এটা দল বাংলাদেশৰ মুখামুখি হ’ব ভাৰত । অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ ৩৩ ঘণ্টাৰ ভিতৰত বাংলাদেশ পুনৰ খেলপথাৰত নামিব ৷ সেই ভাগৰ অতিক্ৰম কৰাটোৱেই বাংলাদেশৰ বাবে হ’ব প্ৰত্যাহ্বান ৷
বাংলাদেশৰ বিৰুদ্ধে নমাৰ আগতে ভাৰতৰ চিন্তাও কম নহয়। আটাইতকৈ ডাঙৰ চিন্তা হৈছে বিৰাট কোহলীৰ ফৰ্ম। গ্ৰুপ পৰ্যায়ত তেওঁ তিনিটা ইনিংছত মাত্ৰ ৯ ৰানহে সংগ্ৰহ কৰে। পূৰ্বৰ খেলখনত আফগানিস্তানৰ বিৰুদ্ধে ভাল আৰম্ভণিৰ পিছতো ৰান আউট হৈছিল। কোহলীয়ে এতিয়াও উল্লেখযোগ্য ইনিংছ খেলিব পৰা নাই। বাংলাদেশৰ বিৰুদ্ধে তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহে নেকি চাবলৈ সকলোৱে আগ্ৰহী হৈ পৰিছে ।
ৰিংকু সিঙৰ ঠাইত ১৫ জনীয়া দলত স্থান লাভ কৰা শিৱম ডুবেই পূৰ্বৰ খেলখনত পুনৰ ব্যৰ্থ হয়। যদি তেওঁ আৰু এবাৰ বিফল হয় তেন্তে হয়তো সঞ্জু চেমচনক সুযোগ দিয়া হ’ব। বাংলাদেশৰ খেলৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ ফৰ্মে ভাৰতক নিশ্চিন্ত কৰি ৰাখিছে। আফগানিস্তানৰ বিৰুদ্ধে তেওঁৰ আগ্ৰাসী ইনিংছে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে ৷ বলিং আৰু বেটিঙেৰে দৃষ্টি আকৰ্ষণ কৰিছে হাৰ্দিকে ৷ আই পি এলৰ ব্যৰ্থতাৰ পাছত বিশ্বকাপত সফলতাৰ দিশে আগবাঢ়িছে ৷