VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতীয় দলত স্থান লাভৰ বাবে ক্ৰিকেটাৰে কৰিব লাগিব ডেক্সা টেষ্ট, কিন্তু কি এই এই নতুন পৰীক্ষাটো !! কিয় বিচিচিআয়ে লৈছে এই সিদ্ধান্ত !!

voicedesk by voicedesk
January 2, 2023
in ক্ৰীড়া
ভাৰতীয় দলত স্থান লাভৰ বাবে ক্ৰিকেটাৰে কৰিব লাগিব ডেক্সা টেষ্ট, কিন্তু কি এই  এই নতুন পৰীক্ষাটো !! কিয় বিচিচিআয়ে লৈছে এই সিদ্ধান্ত !!
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলত সুযোগ পোৱাটো এতিয়া অধিক কঠিন হৈ পৰিব । তাৰ বাবে ভাৰতীয় ক্ৰিকেটাৰসকলে বিভিন্ন টেষ্টৰ লগতে ডেক্সা টেষ্টতো উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ পিছতহে  জাতীয় দলত সুযোগ দিয়া হ’ব । ক্ৰিকেটাৰৰ আঘাতৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে।

ডেক্সা পৰীক্ষা কি?

ই এক বিশেষ পদ্ধতি যাৰ দ্বাৰা মানুহৰ শৰীৰত হাড়ৰ ঘনত্ব জুখিব পাৰি।এই পৰীক্ষাৰ জৰিয়তে ক্ৰিকেটাৰৰ স্কেন কৰা হয়, য’ত ‘ডুৱেল এনাৰ্জি এক্স-ৰে’ শৰীৰত প্ৰৱেশ কৰে। ইয়াৰ জৰিয়তে হাড়ৰ ঘনত্ব জুখিব পাৰি। অৰ্থাৎ ক্ৰিকেটাৰৰ হাড়ৰ ঘনত্ব এই পৰীক্ষাৰ পৰাই গম পোৱা যাব। হাড়ৰ ঘনত্ব কম হোৱা ক্ৰিকেটাৰ আঘাত পোৱাৰ সম্ভাৱনা বেছি। তেনে ক্ষেত্ৰত ভাৰতীয় দলটোৱে সুযোগ পোৱাৰ আগতে হাড়ৰ ঘনত্ব বৃদ্ধি কৰিব লাগিব। ডেক্সা এতিয়া বিশ্বৰ বিভিন্ন খেলত পৰীক্ষা কৰা হৈছে। বিদেশী ফুটবলত এই পৰীক্ষা দীৰ্ঘদিন ধৰি চলি আহিছে। ইয়াৰ উপৰিও এথলীট সকলেও এই পৰীক্ষা কৰিয়েই থাকে ৷ শৰীৰটো সুস্থ কৰি ৰাখি প্ৰতিপক্ষক পৰাস্ত কৰিবলৈ নিজৰ শৰীৰৰ সুস্থতাৰ বিষয়ে জনাটো  অতি প্ৰয়োজনীয়। এই পৰীক্ষা ক্ৰীড়াবিদসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।

 

ক’ত, কেনেকৈ কৰা হ’ব এই পৰীক্ষা?

এয়া ১০ মিনিটৰ পৰীক্ষা। এই পৰীক্ষাৰ বাবে অত্যাধুনিক সঁজুলিৰ প্ৰয়োজন। ইতিমধ্যে বিচিচিআইয়ে সেই বিশেষ যন্ত্ৰ অনাৰ পৰিকল্পনা কৰিছে। বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত অনুষ্ঠিত হ’ব এই পৰীক্ষা। প্ৰতিটো ছিৰিজৰ পূৰ্বে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। এই পৰীক্ষাৰ সময়ত ক্ৰিকেটাৰসকলৰ বিষ বা আন কোনো শাৰীৰিক সমস্যা নহ’ব বুলি জনোৱা হৈছে।

এই পৰীক্ষাত আৰু কি জানিব পাৰি?

হাড়ৰ ঘনত্বৰ উপৰিও শৰীৰৰ চৰ্বি আৰু পেশীৰ শক্তিও এই পৰীক্ষাৰ জৰিয়তে জুখিব পাৰি। শৰীৰৰ চৰ্বিৰ বিষয়ে জনাটো ক্ৰিকেটাৰৰ বাবে অতি প্ৰয়োজনীয়। ক্ৰিকেটাৰৰ শৰীৰৰ চৰ্বি আনৰ তুলনাত ১০ শতাংশতকৈ কম হ’ব লাগে। একেদৰে ফুটবলাৰৰ শৰীৰত সাধাৰণতে ৫ৰ পৰা ৮ শতাংশ চৰ্বি থাকিব লাগে। শৰীৰৰ চৰ্বি যিমান কম, পেশী সিমানেই বেছি থাকে। ফলত শাৰীৰিক শক্তি বৃদ্ধি পায়। এই পৰীক্ষাৰ জৰিয়তে এইবাৰ ক্ৰিকেটাৰসকলেও নিজৰ শৰীৰৰ এই দিশটোৰ প্ৰতি সচেতন হ’ব পাৰিব ।

 

দেওবাৰে ব’ৰ্ডৰ বৈঠকত বিচিচিআইৰ সভাপতি ৰজাৰ বিনি, সম্পাদক জয় শ্বাহ, প্ৰাক্তন বাছনি সমিতিৰ মুৰব্বী চেতন শৰ্মা, ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় উপস্থিত থাকে। তাতেই এই নতুন ফিটনেছ টেষ্টৰ সিদ্ধান্ত লোৱা হৈছিল। ভাৰতীয় দলৰ কেইবাজনো ক্ৰিকেটাৰ অহৰহ আঘাতপ্ৰাপ্ত হৈ আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য নাম হ’ল যশপ্ৰীত বুমৰাহ, দীপক চহৰ, ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰ। এই ক্ৰিকেটাৰসকলৰ অনুপস্থিতিৰ বাবেই ভাৰত বিপদত পৰিছে। এই আঘাতক লৈ অধিনায়ক ৰোহিতে ৰাজহুৱাভাৱে অসন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰ পিছতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰে।

এই পৰিপ্ৰেক্ষিতত ভাৰতীয় দলৰ প্ৰাক্তন ফিটনেছ প্ৰশিক্ষক ৰামজী শ্ৰীনিবাসনে কয় , “মই ২০১১ চনত এই পৰীক্ষাৰ কথা কৈছিলো। কিন্তু তাৰ পিছত আৰম্ভ কৰিব পৰা নগ’ল। এই পৰীক্ষাৰ পৰা শৰীৰৰ বহু সবিশেষ জানিব পৰা যায় যিটো ক্ৰিকেটাৰসকলৰ মূল্যায়নৰ বাবে উপযোগী। ক্ৰিকেটাৰসকলেও নিজৰ শৰীৰৰ প্ৰতি সচেতন হ’ব পাৰে।“

ইয়াৰ বাহিৰেও ব’ৰ্ডৰ বৈঠকত ইযো-ইয়ো টেষ্ট সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়ো ইয়ো পৰীক্ষাৰ মাপকাঠী ১৬.১ৰ পৰা ১৬.৫লৈ বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে আগতে ভাৰতীয় দলত যোগদান কৰিবলৈ ইয়ো ইয়ো পৰীক্ষা বাধ্যতামূলক আছিল। বিৰাট কোহলী, জাদেজাৰ দৰে একাংশ ক্ৰিকেটাৰে আগতে ভাল ফলাফল লাভ কৰিছিল। বহুতেই  এই পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবে ৰাষ্ট্ৰীয় দলত প্ৰৱেশ কৰিব নোৱাৰিলে। যোৱা কেইবছৰমানৰ পৰা এই টেষ্ট বন্ধ হৈ আছিল। কিন্তু শেহতীয়াকৈ দেখা পোৱা আঘাতৰ বাবে বিশেষজ্ঞসকলে এই পৰীক্ষা পুনৰ কৰা হ’ব বুলি জানিবলৈ দিছে ৷

Previous Post

ফেব্ৰুৱাৰীত হ’ব সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ, ডুবাইত বিয়াৰ পূর্বেই নববর্ষ উদযাপন

Next Post

কোম্পানীৰ ঘৰত থাকিলে মালিকে আদায় দিব নালাগে ভাড়াৰ ওপৰত জিএছটি, ১ জানুৱাৰীৰ পৰা কি কি নতুন নিয়ম হ’ব কার্যকৰী!!

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
কোম্পানীৰ ঘৰত থাকিলে মালিকে আদায় দিব নালাগে ভাড়াৰ ওপৰত জিএছটি, ১ জানুৱাৰীৰ পৰা কি কি নতুন নিয়ম হ’ব কার্যকৰী!!

কোম্পানীৰ ঘৰত থাকিলে মালিকে আদায় দিব নালাগে ভাড়াৰ ওপৰত জিএছটি, ১ জানুৱাৰীৰ পৰা কি কি নতুন নিয়ম হ’ব কার্যকৰী!!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7