বিশ্বৰ সকলো দেশৰ ক্ৰিকেটাৰে আই পি এল খেলিবলৈ ঢাপলি মেলিছে। কিন্তু তেওঁলোকে বহু বিদেশী লীগৰ প্ৰতি সেই আগ্ৰহ দেখুওৱা নাই। এই তালিকাত অষ্ট্ৰেলিয়াৰ বিগ বেছকো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে পাৰিশ্ৰমিক। আই পি এলত এটা ছিজন খেলি বিদেশী ক্ৰিকেটাৰসকলে যিমান ধন লাভ কৰে সেয়া বিদেশী লীগৰ পৰা লাভ নকৰে ৷যাৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই এইবাৰ ধনৰ ক্ষেত্ৰত আই পি এলৰ সৈতে যুঁজিব বিচাৰিছে। গতিকে তেওঁলোকে বিগ বেছত খেলা ক্ৰিকেটাৰৰ ধন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
বিগ বেছৰ ত্ৰয়োদশ ছিজনত ক্ৰিকেটাৰসকলৰ পাৰিশ্ৰমিক বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। এই সময়ৰ পৰা প্ৰতিযোগিতাত সৰ্বাধিক দাম লাভ কৰা ক্ৰিকেটাৰে প্ৰায় ডেৰ-দুই কোটি টকা লাভ কৰিব। পূৰ্বে লাভ কৰা ধনৰ তুলনাত ২৩.৫ শতাংশ বৃদ্ধি পাইছে।
বিগ বেছত খেলা আঠ ফ্ৰেঞ্চাইজিত কমেও ৬ জন বিদেশী ক্ৰিকেটাৰে খেলে। তেওঁলোকৰ প্ৰত্যেকেই পাব কমেও এক কোটি টকা। ফ্ৰেঞ্চাইজিয়ে দল গঠনৰ বাবে মুঠ ১৬ কোটি টকা ব্যয় কৰিব পাৰিব। আগতে তেওঁলোকৰ হাতত আছিল ১০ কোটি টকা। এই সময়ৰ পৰা ক্ৰিকেটাৰ ক্ৰয় কৰিবলৈ অধিক ৬ কোটি টকা খৰচ কৰিব পাৰিব।
বিগ বেছৰ জেনেৰেল মেনেজাৰ এলেষ্টাৰ হবছনে কয়, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰে এতিয়াৰ পৰা অধিক ধন লাভ কৰিব। আশাকৰোঁ তেওঁলোকে বিগ বেছ খেলাৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰিব। বহু ক্ৰিকেটাৰে এই প্ৰতিযোগিতাখন খেলিবলৈ আগ্ৰহী হ’ব।”
ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ পিছতো আইপিএলৰ পৰা বহু পিছ পৰি আছে বিগ বেছ। নিলামত আটাইতকৈ দামী ক্ৰিকেটাৰজনে এই প্ৰতিযোগিতাত আই পি এলত ফ্ৰেঞ্চাইজিয়ে ব্যয় কৰিব পৰা মুঠ ধনতকৈ অধিক ধন লাভ কৰে। আই পি এলৰ প্ৰতিটো ফ্ৰেঞ্চাইজিত ৯০ কোটি টকা থাকে যিটো বিগ বেছ ফ্ৰেঞ্চাইজিৰ হাতত থকা ধনৰ প্ৰায় ৬ গুণ।