হাৰিয়ানাৰ হিছাৰত ২৮ অক্টোবৰৰ নিশা সামৰণি পৰা পঞ্চম এলিট ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অসমে মাত্ৰ দুটা ব্ৰঞ্জৰ পদকতে সন্তুষ্ট হ’ব লগা হয়৷ অৱশ্যে দু্য়োগৰাকী বক্সাৰে লাভ কৰা দুটাকৈ পদকে নিশ্চয়কৈ সুনাম কঢ়িয়ালে অসমৰ বক্সিং জগতলৈ৷ সামগ্ৰিক ভাৱে ষষ্ঠ স্থান দখল কৰা অসমক প্ৰতিনিধিত্ব কৰিছিল দহজনকৈ বক্সাৰে৷ অসমলৈ ব্ৰঞ্জৰ পদক আনিবলৈ সক্ষম হোৱা বক্সাৰ কেইগৰাকী হ’ল ৫২-৫৪ কেজি শাখাত যমুনা বড়ো আৰু ৬০-৬৩ কেজি শাখাত অংকুশিতা বড়ো৷
আনহাতে ৰে’লৱে ব’ৰ্ডক প্ৰতিনিধিত্ব কৰা অসমৰ ভাগ্যৱতী কছাৰীয়ে ৭০-৭৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷